VOICE 24x7
Thursday, June 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী’-উদ্যোগ মন্ত্রী বিমল বড়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in মুখ্য সংবাদ
‘খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী’-উদ্যোগ মন্ত্রী বিমল বড়া
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

‘খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী’ ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি বেতকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত নৰ্থ ইষ্ট ফুড ফেষ্ট শীর্ষক খাদ্য আৰু খাদ্য সংসাধন্ প্ৰযুক্তিৰ প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি এইদৰে কয়। ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ভিন্ন প্ৰকাৰৰ খাদ্যাভ্যাসৰ কথা উল্লেখ কৰি উদ্যোগ মন্ত্রী বড়াই খাদ্য, বস্ত্ৰ আৰু বাসস্থান মানুহৰ প্ৰাথমিক প্ৰয়োজন এই কথা আগত ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলেট মিছনৰ জৰিয়তে এক জন আন্দোলন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও কয়। ভাষণ প্ৰসংগত মন্ত্রী বড়াই শৰীৰৰ
বাবে খাদ্যৰ আৰু সুস্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা কথা উনুকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজস্ব প্ৰচেষ্টাৰেই যোগক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা বুলি কয়। নৰ্থ ইষ্ট ফুড ফেষ্টৰ জৰিয়তে ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ব্যঞ্জনৰ জুতি লব পাৰিব বুলি উল্লেখ কৰি
খাদ্য সংসাধন প্ৰযুক্তি সন্দৰ্ভতো জ্ঞান আহৰণ কৰিব পাৰিব বুলি মন্তব্য কৰে। অসমৰ সুস্বাদু খাদ্য সম্ভাৰক দেশৰ অন্য প্ৰান্তৰ লগতে বিদেশতো জনপ্রিয় কৰি তুলিবলৈ ব্যবস্থা গ্ৰহণৰ ওপৰতো মন্ত্রী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
অহা ৩১মাৰ্চলৈ চলিব লগা এই ফুড ফেষ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সচিব
অনিতা প্ৰবীণে কয় যে নতুন দিল্লীৰ প্ৰগতি ময়দানত অহা৩ৰ পৰা ৫নবেম্বৰলৈ অনুষ্ঠিতব্য
দ্বিতীয় ৱৰ্ল্ড ফুড ইণ্ডিয়া -২০২৩ শীর্ষক খাদ্য মেলাৰ পৰিপ্ৰেক্ষিতত নৰ্থ ইষ্ট ফুড ফেষ্ট গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক ইয়াত অংশ গ্ৰহণৰ বাবেও আহ্বান জনায়। এই ফুড ফেষ্ট প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি
খাদ্য সংসাধন উদ্যোগ স্হাপনৰ ক্ষেত্রত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ তৰফৰ পৰা সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰো বিষয়া গৰাকীয়ে আশ্বাস প্ৰদান কৰে।
কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সহযোগত অনুষ্ঠিত এই ফুড ফেষ্টৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড: লক্ষ্মণন এছে এই খাদ্য মহোৎসৱৰ উদ্দেশ্য সন্দৰ্ভত প্ৰকাশ কৰি ইয়াৰ জৰিয়তে নতুন সম্ভাবনাৰ পথ মুকলি হ’ব বুলি মত প্ৰকাশ কৰে।সভাত শলাগৰ শৰাই আগবঢ়ায় অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙে।
সভাত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্রালয়ৰ সঞ্চালক ডি প্ৰবীণকে ধৰি উত্তৰ পূৱৰ ৰাজ্য সমূহৰ উদ্যোগ বিভাগৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্হিত আছিল।
উল্লেখ্য যে নৰ্থ ইষ্ট ফুড ফেষ্টৰ প্ৰতিটো দিনতে খাদ্য সংসাধন সন্দৰ্ভত আলোচনা চক্রৰ লগতে
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশিত হ’ব।

Previous Post

অনিয়ম কৰা সুলভ মূল্যৰ দোকানী, অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত

Next Post

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7