গুৱাহাটী ঃ অসমৰ সত্ৰীয়া সংস্কৃতি আৰু সাহিত্যৰ উদ্ধাৰ আৰু প্ৰকাশত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহন কৰা, চিত্ৰ-ভাগৱতৰ দৰে ৰঙীন পুথিচিত্ৰ অসমীয়া, হিন্দী আৰু ইংৰাজীত প্ৰকাশ কৰাৰ দৰে বৈপ্লবিক সম্পাদনা আৰু মুদ্ৰন কাৰ্য সম্পাদন কৰা, প্ৰকাশন গোষ্ঠী দত্তবৰুৱা এণ্ড কোম্পানীৰ প্ৰতিস্থাতা হৰিনাৰায়ণ দত্তবৰুৱাৰ জীৱন আৰু কৰ্মৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰা হৈছে৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰতি বছৰে আয়োজন কৰি অহা ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা’ৰ লগত সংগতি ৰাখি এইবাৰ এই গ্ৰন্থখন প্ৰকাশ কৰা হ’ব৷ গ্ৰন্থখনত সন্নিবিষ্ট কৰিবলৈ গ্ৰন্থখনৰ সম্পাদকদ্বয়ে অসমৰ বিভিন্ন ঠাইৰ লেখক-গবেষক আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জনা লোকৰ পৰা প্ৰবন্ধ, স্মৃতিচাৰণ, অভিজ্ঞতা আৰু চিঠি-পত্ৰ ফটো আদিৰ সহযোগ বিচাৰিছে৷ এই মাহৰ পোন্ধৰ তাৰিখৰ ভিতৰত লেখা আৰু ফটো আদি book.adtu@gmail.com মেইলত বা ৭০০২৭৩০৩৭১ নম্বৰত হোৱাটছএপ কৰি পঠাবলৈ অনুৰোধ জনাইছে৷ গ্ৰন্থখনি সম্পাদনা কৰিব উৎপল দত্ত আৰু ডঃ ৰুবী গোস্বামীয়ে৷ ৰায়ণ দত্তবৰুৱাৰ বিষয়ে গ্ৰন্থ প্ৰণয়ন