VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাডাৰত ধৰা নপৰাকৈ শত্ৰুক কৰে আক্ৰমণ, আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব এই অত্যাধুনিক ড্ৰ’ণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 24, 2022
in মুখ্য সংবাদ
ৰাডাৰত ধৰা নপৰাকৈ শত্ৰুক কৰে আক্ৰমণ, আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব এই অত্যাধুনিক ড্ৰ’ণ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

যোৱা দুটা দশকত তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰ, টেহৰিক-ই-তালিবান পাকিস্তানৰ নেতা বৈতুল্লাহ মেহছুদ, ছিৰিয়াত আল কায়দাৰ মুৰব্বী চেলিম আবু আহমেদ আমেৰিকান প্ৰিডেটৰ ড্ৰ’নৰ বলি হৈছে। বিশ্বৰ অত্যাধুনিক অস্ত্ৰশস্ত্ৰ সমূহৰ ভিতৰত অন্যতমম হৈছে এই ড্ৰ’ণ ৷ এইবাৰ ভাৰতৰ সামৰিক শক্তিতো যোগ হ’ব এই ড্ৰ’ণ ৷

ভাৰতে লাভ কৰিছে এম কিউ ছিৰিজৰ প্ৰিডেটৰ ড্ৰোনৰ শেহতীয়া সংস্কৰণ। ইৰাণৰ জেনেৰেল কাছেম ছলেমানী আৰু আল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰীক হত্যা কৰিবলৈ এই ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল ৷

আমেৰিকাত নিৰ্মিত এই এমকিউ-৯ ৰিপাৰ ( MQ-9 Reaper) কিলাৰ ড্ৰ’নখন ‘গাৰ্ডিয়ান’ নামেৰে জনাজাত। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ভাৰতে ‘এম কিউ-৯’ ড্ৰ’নৰ দুটা মডেল ক্ৰয় কৰিব। ভাৰতীয় স্থল, নৌসেনা আৰু বায়ুসেনাৰ বাবে এম কিউ-৯ ৰিপাৰৰ ‘ছি গাৰ্ডিয়ান’ আৰু ‘স্কাই গাৰ্ডিয়ান’ সংস্কৰণ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ৷

 

আমেৰিকাৰ জেনেৰেল এটমিকছ এৰ’নটিকেল চিষ্টেমছৰ এম কিউ-৯ ৰিপাৰ আক্ৰমণাত্মক ড্ৰ’নে ৫০ হাজাৰ ফুট উচ্চতাৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰে। এই  ড্ৰ’নে ২৭ ঘণ্টা ধৰি অবিৰতভাৱে উৰি থকাৰ ক্ষমতা আছে। সৰ্বোচ্চ বহন ক্ষমতা ১,৭৪৬ কিলোগ্ৰাম। অৰ্থাৎ এমকিউ-৯ ৰিপাৰত শত্ৰুৰ ভূখণ্ডৰ গভীৰতালৈ সোমাই আক্ৰমণ কৰাৰ ক্ষমতা আছে।

ৰাডাৰৰ চোৰাংচোৱাগিৰিৰ পৰা হাত সাৰিবলৈ সক্ষম হোৱা এই আক্ৰমণাত্মক ড্ৰ’নে ৯৫০ হৰ্চপাৱাৰৰ ইঞ্জিনৰ সহায়ত ঘণ্টাত সৰ্বোচ্চ ২৩০ কিলোমিটাৰ বেগত উৰণ কৰিবলৈ সক্ষম। যদিহে এই ড্ৰ’নসমূহ হাতলৈ আহে তেন্তে ভৱিষ্যতে বালাকোটৰ শৈলীত ভাৰতীয় সেনাই পাকিস্তান দখলত থকা কাশ্মীৰ বা খাইবাৰ-পাখতুনখোৱাত কোনো বিপদ নোহোৱাকৈ উগ্ৰপন্থী শিবিৰত আক্ৰমণ কৰিবলৈ সক্ষম হ’ব।

আমেৰিকাৰ বাহিৰেও এমকিউ-৯ ৰিপাৰ (MQ-9 Reaper) ইটালী, ফ্ৰান্স, গ্ৰীচ, জাৰ্মানী, বেলজিয়াম আৰু স্পেইনৰ সেনাই ব্যৱহাৰ কৰে।  নাটোৰ বাহিৰত এই ড্ৰোন ক্ৰয় কৰা প্ৰথমখন  দেশ হ’ব  ভাৰত। অৱশ্যে ভাৰতীয় নৌসেনাৰ এমকিউ ছিৰিজৰ ড্ৰ’ন ব্যৱহাৰৰ পূৰ্বৰ অভিজ্ঞতা আছে। ২০১৭ চনত নৌসেনাই আমেৰিকাৰ পৰা দুখন এমকিউ-৯বি ড্ৰ’ন দুবছৰৰ লিজত লৈছিল।

পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে যে তামিলনাডুৰ ৰাজালী নৌসেনা ঘাটিত নিয়োজিত ‘ছি গাৰ্ডিয়ান’ সংস্কৰণৰ ড্ৰ’ন দুখন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনা সেনাৰ ‘চলন-ফুৰণ’ নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে।প্ৰসংগক্ৰমে ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ ঠিক পূৰ্বে হোৱাইট হাউছৰ তেতিয়াৰ বাসিন্দা ড’নাল্ড ট্ৰাম্পে ভাৰতক ২২খন এম কিউ ছিৰিজৰ ড্ৰ’ন দিয়াৰ সিদ্ধান্ত লৈছিল।

প্ৰথম অৱস্থাত ২২খন ড্ৰ’নৰ ব্যয় ৩ বিলিয়ন ডলাৰ (প্ৰায় ২৪,৮৩১ কোটি টকা) বুলি অনুমান কৰা হৈছে। পিছত সেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে মুঠ ৩০খন এমকিউ-৯ ৰিপাৰৰ বাবে ১০খনকৈ ক্ৰয়ৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।‘নিঞ্জা বোমা’ নামেৰে জনাজাত এই ক্ষেপণাস্ত্ৰৰ সহায়ত আমেৰিকাই জৱাহিৰীক হত্যা কৰিছিল। ৫ ফুট দীঘল ৪৫ কিলোগ্ৰাম ওজনৰ মিলিমেট্ৰিক ৱেভ ৰাডাৰেৰে সজ্জিত এই মিছাইলটোৰ চোকা ব্লেডবোৰ তীব্ৰ বেগত ওলাই আহি ‘চিকাৰ’ৰ অংগ বিচ্ছিন্ন কৰি পেলায়।

ইয়াৰ উপৰিও এই  ড্ৰ’নৰ অস্ত্ৰভাণ্ডাৰত আছে এআইএম-৯ চাইডৱাইণ্ডাৰ শ্বৰ্ট ৰেঞ্জ ‘এয়াৰ টু এয়াৰ’ মিছাইল আৰু উচ্চ ক্ষমতাসম্পন্ন গাইডেড বোমা জিবিইউ-৩৮।ড্ৰ’ন বিক্ৰী হ’লেও নিৰ্মাণ কোম্পানী ‘জেনেৰেল এটমিকছ এৰ’ন’টিকেল চিষ্টেমছ’ই ভাৰতলৈ এই প্ৰযুক্তি হস্তান্তৰ নকৰে। আনকি, ভাৰতত নিৰ্মাণ কৰা নহ’ব এই ড্ৰ’ণ।

মোডীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ শ্লোগানক সফল কৰাৰ উদ্দেশ্যে কেইমাহমান পূৰ্বে প্ৰতিৰক্ষা ক্ৰয় সমিতিয়ে শ শ বিদেশী অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ড্ৰ’নো সেই নিষেধাজ্ঞাৰ তালিকাত আছে। কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘থলুৱা উৎপাদন’ৰ ওপৰত গুৰুত্ব দিয়াৰ নীতি ভংগ কৰাত এম কিউ-৯ ৰিপাৰ ক্ৰয় কৰা হয় ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

নতুন বছৰত সুস্থ হৈ থাকিব বিচাৰেনে? নিশা দেৰিকৈ খাদ্য গ্ৰহণ নকৰিবঃকেই বজাত খাদ্য গ্ৰহণ কৰাটো উপকাৰী জানেনে ?

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
নতুন বছৰত সুস্থ হৈ থাকিব বিচাৰেনে? নিশা দেৰিকৈ খাদ্য গ্ৰহণ নকৰিবঃকেই বজাত খাদ্য গ্ৰহণ কৰাটো উপকাৰী জানেনে ?

নতুন বছৰত সুস্থ হৈ থাকিব বিচাৰেনে? নিশা দেৰিকৈ খাদ্য গ্ৰহণ নকৰিবঃকেই বজাত খাদ্য গ্ৰহণ কৰাটো উপকাৰী জানেনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7