VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 30, 2023
in মুখ্য সংবাদ
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

শক্তিশালী বিস্ফোৰণে কপাঁই তুলিলে জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত ৷ বিস্ফোৰণৰ ফলত কথুৱা জিলাৰ ছানিয়ালেৰ সীমান্ত আৰক্ষী চকীৰ সমীপত এটা বিশাল গাঁতৰ সৃষ্টি হয়। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ এই বিস্ফোৰণৰ বাবেই সানয়ালত আতংক বিয়পি পৰিছে। আৰক্ষী আৰু সেনাই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

 

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে সীমান্ত গাঁৱৰ বাসিন্দাসকলে কেইবা কিলোমিটাৰ দূৰৰ পৰা বিস্ফোৰণৰ শব্দ শুনা বুলি প্ৰকাশ কৰিছে ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত ডিজি মুকেশ সিং বিস্ফোৰণৰ পিছতে সেই স্থানত উপস্থিত হৈছে ৷ আৰক্ষী আৰু সেনাৰ উচ্চ পদস্থ বিষয়াও  ছানিয়ালত উপস্থিত হৈছে । বিস্ফোৰণৰ উৎসৰ তদন্ত অব্যাহত আছে। স্থানীয় ৰাইজে দাবী কৰিছে যে সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নেৰে আই ই ডি সৰবৰাহ কৰা হৈছে। তেওঁলোকে ভাবে যে বিস্ফোৰকবোৰ তললৈ পেলোৱাৰ সময়ত বিস্ফোৰণ হৈছিল। স্থানীয় বাসিন্দাসকলে আই ই ডি সৰবৰাহৰ দাবী কৰে যদিও আৰক্ষী আৰু সেনাই তদন্তত কোনো ধৰণৰ সুৰুঙা এৰিব নিবিচাৰে।

 

কথুৱাৰ এছ এছ পি শিৱদীপ সিং জামৱালে বুধবাৰে নিশা ৯:৩০ মান বজাত বিস্ফোৰণৰ তথ্য লাভ কৰা বুলি জানিবলৈ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত তালাচী চলোৱা হয়। বোমা স্কোৱাডকো মাতি অনা হয়। তেওঁলোকে আহি নমুনা সংগ্ৰহ কৰিছে। কিন্তু এই শক্তিশালী বিস্ফোৰণৰ কাৰণ কি, ৰহস্য গভীৰ হৈ আহিছে।

 

ছানিয়ালে গাঁৱৰ বাসিন্দা ৰামলাল কলিয়াই কয়, ‘ৰাতি ৯:৩০ বাজিছিল। তীব্ৰ শব্দ শুনি গাঁৱৰ মানুহবোৰ ওলাই আহিল। কিন্তু ক’ত সংঘটিত হৈছে এই বিস্ফোৰণ চিনাক্ত কৰিব পৰা নাছিলো ৷ প্ৰায় ডেৰ ঘণ্টাৰ পিছত আমি সেই ঠাইখন পাইছিলোঁ। কৃষিভূমিত সংঘটিত হয় এই বিস্ফোৰণ। সেই বিস্ফোৰণৰ ফলত এটা বিশাল গাঁতৰ সৃষ্টি হৈছিল। কিন্তু বিস্ফোৰণৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাই। গাঁওবাসীৰ মাজত আতংক বিয়পি পৰিছে।”

Previous Post

১৪ বছৰীয়া কেৰিয়াৰত ৪৫১২ বাৰ ধূমপানৰ বাবে বিৰতি! কোন বিষয়াই ভৰিলে ৯ লাখ টকাৰ জৰিমনা ?

Next Post

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে

অ'টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7