VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in মুখ্য সংবাদ
টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

 

ভাৰত-চীনৰ সামৰিক সংঘাত কোনো ডাঙৰ ঘটনা নহয় ৷ ভাৰতীয় সেনা এনে সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৷ এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ । শেহতীয়াকৈ অৰুণাচলৰ টাৱাঙত চেন আৰু ভাৰতৰ সেনাৰ মাজত সংঘটিত সংঘর্ষ সন্দর্ভত  সদনৰ মজিয়াত বিবৃতি প্ৰকাশ কৰি সিঙে এনেদৰে কোৱাৰ পাছতে বিৰোধীয়ে প্ৰতিবাদত সাৱ্যস্ত কৰে আৰু লোকসভাৰ মজিয়া ত্যাগ কৰে ৷

যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশ আৰু চীনৰ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ সৈতে চীনৰ  সেনাৰ সংঘৰ্ষ হৈছিল। এই সংঘর্ষত দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হয়। এই খবৰ পোহৰলৈ অহাৰ লগে লগে বিৰোধী দলটোৱে স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ দাবী উত্থাপন কৰে ৷ তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰই চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ জটিলতা দেশবাসীৰ  পৰা লুকুৱাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ, তৃণমূল আদি বিৰোধী দলৰ সাংসদসকলেও এই বিষয়ত সংসদত বিশদ আলোচনা বিচাৰিছিল। ইয়াৰ পাছতে মঙলবাৰে বিয়লি সংসদত ৰাজনাথ সিঙে বিবৃতি প্ৰকাশ কৰে কৰে। টাৱাঙৰ সংঘর্ষত  সেনাৰ ভূমিকাক শলাগ লৈ তেওঁ কয়, “ভাৰতীয় সেনাই সময়মতে হস্তক্ষেপ কৰাৰ বাবে পৰিস্থিতি তৎক্ষণাৎ স্বাভাৱিক অৱস্থালৈ আহিল ৷ চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সৈন্যসকলে পিছুৱাই যাবলৈ বাধ্য হ’ল। ইয়াৰ বাহিৰেও অৰুণাচল সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সেনাবাহিনীত কোনো লোকৰ মৃত্যু হোৱা নাছিল। কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। আমি জানো যে ভাৰতীয় সেনাবাহিনীৰ এই সমস্যা চম্ভালিব পৰা ক্ষমতা আছে।“ ৰাজনাথৰ এই বক্তব্যৰ পিছতে লোকসভাত নতুনকৈ হুলস্থুল আৰম্ভ হয় ৷ সংসদৰ নিম্ন সদনৰ অধিৱেশনৰ পৰা বিৰোধী সাংসদসকলে একেলগে ওলাই আহে ।

মঙলবাৰে ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টাৱাঙৰ ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। অমিত শ্বাহে  কয়, ‘যেতিয়ালৈকে দেশত বিজেপি চৰকাৰ আছে তেতিয়ালৈ দেশৰ এক ইঞ্চিও মাটি কোনেও কাঢ়ি নিব নোৱাৰে। সেনাৰ বীৰত্বৰ শলাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মই টাৱাঙৰ জোৱানসকলক প্ৰণাম জনাব বিচাৰো। যিসকলে ৮ আৰু ৯ ডিচেম্বৰৰ নিশা অৰুণাচল প্ৰদেশৰ সীমান্তত চীনা সেনাৰ সন্মুখত থিয় হৈছিল।

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে নিশা চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে লাঠী লৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘাত আৰম্ভ হয়। এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হয়। সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি হতাহতি আৰু শিলগুটি নিক্ষেপ কৰাত ভাৰতীয় সেনাৰ ৬ জন জোৱান ‘সামান্য আহত’ হৈছে।

 

Previous Post

ইণ্টাৰনেটত ভাইৰেল এটি ভিডিঅ’

Next Post

ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল

ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7