বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হয় ২০২৩বৰ্ষৰ গণতন্ত্ৰ দিৱস উদযাপন সম্পৰ্কীয় এখন সভা । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা পৰ্বতঝোৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অনছুলা বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি সমাজৰ একাংশ সচেতন ব্যক্তিৰ উপস্থিতিত সমাগত গণৰাজ্য দিৱসৰ সমূহ কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয়, সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী ১৯১৩ নম্বৰ ডাঙাৰকাটা প্ৰাথমিক বিদ্যালয়ৰ নিকটৱৰ্তী কাজিগাঁও-গাৰোপাৰা য়ুথ স্প’ৰ্টছ ক্লাব খেলপথাৰত পালন কৰা হ’ব।
মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিয়ে যে উক্ত বৈঠকত দেৱজ্যোতি গগৈ, ৰাজু গগৈ, নিৰঞ্জন ব্ৰহ্ম, সোমেশ্বৰ প্ৰসাদ বাৰ্মা, ডাঃ ৰহমত আলী, অমিতা বিশ্বাস, আভা দাস, নিশান্ত গুপ্তা, ছোলেইমান আলী শ্বেখ, নুৰ আমিন আলী, প্ৰাণজিৎ ব্ৰহ্মচৌধুৰী, ইন্দ্ৰমোহন নাথ, ধৰ্মেশ্বৰ দাস, ৰমজান আলী শ্বেখ, উদয় প্ৰধান, বিনয় কুমাৰ ৰয়, শশাংক নন্দী, ৰাখেব ব্ৰহ্ম, জ্যোতিষ দাস, মংগলেশ্বৰ চৌধুৰী আদি বিষয়া তথা সচেতন ব্যক্তিসকলো উপস্থিত থাকে ।