VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 8, 2023
in মুখ্য সংবাদ
নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৭আগষ্ট:–“পৃথিৱীত জাতি মাথোঁ এটাই,সেয়া মানৱ জাতি আৰু ধৰ্ম এটাই সেয়া প্ৰেম । ভাষা হৈছে এটাই হৃদয়ৰ ভাষা । ভগৱান এজনেই সৰ্বত্ৰে বিদ্যমান । জ্ঞান এটা পাত্ৰত থ’ব নোৱাৰি। জ্ঞান এটা জুৰি।” নগাঁও মহাবিদ্যালয়ৰ (অট’নমাচ)ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ- ২০২৩ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম লোকসেৱা আয়োগৰ অনুসন্ধান কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই । অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ (অট’নমাচৰ) প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পাছত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° শৰৎ কুমাৰ দত্তই । মুকলি সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত বিপ্লৱ কুমাৰ শৰ্মাই উপনিষদৰ “বসুধৈৱ কুটুম্বকম” বাণীৰ উদ্ধৃতি দি ব্যক্ত কৰে। তেওঁ কয় যে পৃথিৱীখন এটা পৰিয়াল।

এই পৰিয়ালৰ সকলো সদস্য একত্ৰিত হৈ এক মন আৰু ভাৱেৰে জগতখনক আকোঁৱালি ল’ব লাগে। শিক্ষা গ্ৰহণ কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সৎ,গুণী,জ্ঞানী হৈ জগতখন সুন্দৰভাৱে প্ৰতিষ্ঠা হোৱাত অৰিহণা যোগাব লাগে। ভাষণ প্ৰসংগত শৰ্মাই সফল হোৱাৰ ক্ষেত্ৰত ৮টা “কিয়”ৰ প্ৰসংগ উল্লেখ কৰে । যাৰ অন্তৰালত অনুসন্ধিৎসু মন নিহিত হৈ থাকে । পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই মুকলি সভাত সভাপতিত্ব কৰি মহাবিদ্যালয় পৰিয়াল বৰ্গক প্ৰতিষ্ঠা দিৱসৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে অগ্ৰগতিৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে সকলোকে আহ্বান জনায় । দত্তই লগতে এই যাত্ৰাত পৰিচালনা সমিতিয়ে সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে কয় যে প্ৰতিষ্ঠা দিৱসৰ লগত নতুনকৈ যোগ দিয়া স্নাতক সমাৰোহে অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু বৰ্ণাঢ্য কৰি তুলিছে ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁও মহাবিদ্যালয়ে আমাক দিছে গৌৰৱ,প্ৰাপ্তি আৰু খ্যাতি । সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাত নগাঁও মহাবিদ্যালয়ে যি অৱদান আগবঢ়াইছে তাক লৈ আমি গৌৰৱান্বিত।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত স্নাতক সমাৰোহত নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ পৰা ২০২৩ বৰ্ষৰ পৰীক্ষাত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰাৰ লগতে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক পদাৰ্থ বিজ্ঞান বিভাগৰ মুকিবুৰ ৰহমানক নগাঁও মহাবিদ্যালয় মহিলা কোষৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয় । ইপিনে নীৰেশ চন্দ্ৰ পাল স্মাৰক বঁটা বিজ্ঞান শাখাত প্ৰথম আৰু দ্বিতীয় সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত মুকিবুৰ ৰহমান আৰু পৰিসংখ্যা বিভাগৰ ছাত্ৰী চিৰাজমিতা চাহাক প্ৰদান কৰা হয়। তাৰিণী প্ৰসাদ শৰ্মা আৰু প্ৰতিভা দেৱী স্মাৰক বঁটা লাভ কৰে অসমীয়া বিভাগৰ ২০২২ আৰু ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক ক্ৰমে কংকনা দাধৰা আৰু অংকুৰিমা বৰাই । নগাঁও মহাবিদ্যালয় (অট’নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা সভাত নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰা,জ্যেষ্ঠ অধ্যাপক ৰঞ্জিত কুমাৰ মজিন্দাৰ,পৰিচালনা সমিতিৰ সদস্য আৰু শিক্ষক পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ সমূহ অধ্যাপক- অধ্যাপিকা,সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অনা শিক্ষক কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক আৰু দৰ্শন বিভাগৰ মুৰব্বী ড° নৱ প্ৰসাদ নাথে শলাগৰ শৰাই আগবঢ়ায় । ষ্মৰ্তব্য যে নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহৰ মুকলি সভাত নগাঁও মহাবিদ্যালয়ৰ সাফল্যৰ এক খতিয়ানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা স্নাতক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাৰ উপৰিও সদ্যঘোষিত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দহগৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় । উল্লেখ্য যে নগাঁও মহাবিদ্যালয়(অট’নমাচৰ) অধীনত অনুষ্ঠিত স্নাতক পৰীক্ষাত উত্তীৰ্ণ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত স্থান লাভ কৰে । ইয়াৰ ভিতৰত বনশ্ৰী চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ নিলীম কাশ্যপ বৰঠাকুৰে গুৱাহাটী আৰু ডিব্ৰুগড় দুয়োখন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান,ভূগোল বিজ্ঞান বিভাগৰ বন্দনা গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত দ্বিতীয় আৰু কস্তুৰী বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষাত তৃতীয় স্থান লাভ কৰে । গুৱাহাটী বিশ্ববিদ্যায়ৰ প্ৰৱেশ পৰীক্ষাত সংস্কৃত বিভাগৰ ৰশ্মিৰেখা বৰাই তৃতীয়,ইংৰাজী বিভাগৰ নাজিয়া চুলতানাই দ্বিতীয় স্থান লাভ কৰে । ইফালে হিন্দী বিভাগৰ সঞ্জনা কুমাৰী ঠাকুৰ আৰু অমেষা দত্তই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাত প্ৰথম আৰু তৃতীয় স্থান লাভ কৰে ।শিক্ষা বিভাগৰ প্ৰেৰণা গোস্বামীয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম আৰু অসমীয়া বিভাগৰ বিপাশা দেৱীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰে। তদুপৰি এই সভাতে নগাঁও মহাবিদ্যালয়ৰ পৰা ২০২৩ বৰ্ষত নেট,শ্লেট,গেট আদি পৰীক্ষাত বৰ্তমানলৈকে সুখ্যাতিৰে উত্তীৰ্ণ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় । অট’নমাচ মহাবিদ্যালয়ৰ অধীনত কলেজৰ এই সাফল্যত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

Previous Post

হিজাব পৰিধান নকৰিলে ল’ব লাগিব মনোবৈজ্ঞানিক চিকিৎসা-পৰিস্কাৰ কৰিব লাগিব মর্গ, ইৰাণত আন এক কঠোৰ নিয়ম

Next Post

আকৌ বাৰ্চিলোনাৰ হৈ খেলিব নেকি নেইমাৰে ? মেছিৰ পিছত পি এছ জি এৰিবলৈ সাজু

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
আকৌ বাৰ্চিলোনাৰ হৈ খেলিব নেকি নেইমাৰে ? মেছিৰ পিছত  পি এছ জি এৰিবলৈ সাজু

আকৌ বাৰ্চিলোনাৰ হৈ খেলিব নেকি নেইমাৰে ? মেছিৰ পিছত পি এছ জি এৰিবলৈ সাজু

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7