বিশিষ্ট অধ্যাপক চন্দন মহন্তৰ আজি দেহাৱসান ঘটে ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আইআইটিৰ অধ্যাপক মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১ বছৰ ৷ আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীৰ চৰকাৰী বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
প্ৰতিষ্ঠানখনৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক আৰু পৰিৱেশ কেন্দ্ৰৰ মুৰব্বী হিচাপে তেওঁ কর্মৰত হৈ আছিল । বিগত দুবছৰ ধৰি এক জটিল ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল ৷
নদী বিজ্ঞান আৰু জল বহনক্ষমতাৰ ক্ষেত্ৰত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ তেওঁ অংশীদাৰ আছিল ৷ এই ক্ষেত্ৰত তেওঁ গৱেষণাৰ নতুন পথ মুকলি কৰিছিল ৷ অসম চৰকাৰে গঠন কৰা এনএইচপিচিৰ সোৱণশিৰি নদীবান্ধৰ বিশেষজ্ঞ কমিটিৰ অন্যতম সদস্য আছিল চন্দন মহন্ত ।শিক্ষার্থীসকলৰ মাজতো তেওঁৰ আছিল এক সুকীয়া পৰিচয় ৷ তেওঁৰ মৃত্যুত ৰাজ্যৰ শৈক্ষিক জগতত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ পত্নী অঞ্জনা মহন্ত, কন্যা ৰয়না মহন্ত আৰু পুত্ৰ অনাবিল মহন্তক তেওঁ ইহসংসাৰত এৰি থৈ যায়।