VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কিয় ৯৬ খন বিশেষ আবাসিক প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ ?

চৰকাৰে পুনৰ সংস্থাপন দিব পাৰিবনে সংস্থাপনহীন ৬০০ কৰ্মচাৰীক ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 26, 2022
in মুখ্য সংবাদ
কিয় ৯৬ খন বিশেষ আবাসিক প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ ?
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

হঠাৎ চৰকাৰৰ এটি সিদ্ধান্তই অন্ধকাৰ নমাই আনিছে ৰাজ্যৰ লক্ষাধিক শিশু শ্ৰমিকক জ্ঞানৰ পোহৰ বিলোৱা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মীসকলৰ জীৱনলৈ ৷ এক নিৰ্দেশনা যোগে চৰকাৰে ৰাজ্যৰ ৯৬ খন আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৰ্মী সকলৰ মাজত ৷

নিৰ্দেশাৱলীৰ নিৰ্দেশনা অনুযায়ী চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বন্ধ কৰি দিয়া হৈছে কামৰূপ (মহানগৰ),শোণিতপুৰ,বিশ্বনাথ আৰু ধেমাজি জিলাৰ ছখনকৈ আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ ৷ ইতিমধ্যে কৰ্ম সংস্থাপনহীন হৈ পৰিছে উক্ত প্ৰশিক্ষণ কেন্দ্ৰ কেইটাত কৰ্মৰত ৫০জন কৰ্মী ৷

সংস্থাপন হীন এই কৰ্মী সকলক লৈ চৰকাৰে কিয় আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷  আনহাতে নিৰ্দেশনা অনুযায়ী  চলিত বৰ্ষৰ ৩০জুনৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিব বাকী জিলা সমূহত থকা ৯০টা প্ৰশিক্ষণ কেন্দ্ৰসমূহো ৷ ৩০জুনৰ পৰা পুনৰ সংস্থাপন হীন হৈ পৰিব উক্ত প্ৰশিক্ষণ কেন্দ্ৰ সমূহত কৰ্মৰত ৫৫০ গৰাকী কৰ্মী ৷

ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ ভূমিকাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থা ৷ বিধান সভাৰ বাজেট অধিবেশনৰ সময়ত শিশু শ্ৰমিকক আবাসিক নাইবা অনা আবাসিক বিদ্যালয়ত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া শিক্ষা মন্ত্ৰীয়ে ৰাজ্যত শিশু শ্ৰমিক নথকাৰ বাবেই কেন্দ্ৰ সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে ৷ সেয়েহে শিক্ষামন্ত্ৰীৰ পৰস্পৰ বিৰোধী কাণ্ডৰ বিৰুদ্ধে এইবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি সংস্থাপনহীন হ’বলৈ লোৱা ছশ কৰ্মীৰ বিষয়ে ভাবিবলৈ আহ্বান জনাইছে  সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই  ৷

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত হে জানিব পৰা যাব ৷

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

এইবাৰ ভুল ভুলাইয়া ২, ট্ৰেইলাৰ শুভমুক্তি

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
এইবাৰ ভুল ভুলাইয়া ২, ট্ৰেইলাৰ শুভমুক্তি

এইবাৰ ভুল ভুলাইয়া ২, ট্ৰেইলাৰ শুভমুক্তি

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7