VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুহুর্ততে এখন চহৰ ধ্বংস কৰিব পৰা ক্ষমতা থকা ৰাছিয়াৰ যুদ্ধ বিমানৰ বিশেষত্ব কি ? কিয় ভাৰতেও ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘বগা হাঁহ” হিচাপে খ্যাত যুদ্ধ বিমানখন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in মুখ্য সংবাদ
মুহুর্ততে এখন চহৰ ধ্বংস কৰিব পৰা ক্ষমতা থকা ৰাছিয়াৰ যুদ্ধ বিমানৰ বিশেষত্ব কি ? কিয় ভাৰতেও ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘বগা হাঁহ” হিচাপে খ্যাত যুদ্ধ বিমানখন
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আৰু কিছুদিন পাছতে এবছৰ অতিক্ৰম কৰিব ৷ বিশ্ববাসীৰ আহ্বানক নস্যাৎ কৰি ৰাছিয়াই  ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে ৷ এই যুদ্ধত ৰাছিয়াই বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰে ভিতৰত সকলোৰে দৃষ্টি আকর্ষণ কৰিছে টুপোলেভ টিইউ-১৬০ এম (Tupolev TU-160M)।এই যুদ্ধ বিমান খনেৰে ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন স্থান ধ্বংসস্তুপত পৰিণত কৰিছে ৷  কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ এই ছুপাৰছ’নিক বোমাৰু বিমানখন সমগ্ৰ বিশ্বতে ‘বগা হাহঁ’ নামেৰে পৰিচিত হৈ পৰিছে।

সোমবাৰে মস্কোৱে এই পাৰমাণৱিক ক্ষমতাসম্পন্ন ‘কৌশল বোমাৰু’ৰ সফল উৰণৰ কথা ঘোষণা কৰে। কোৱা হৈছে যে টিউ-১৬০এম বিমানখনে পাৰমাণৱিক অস্ত্ৰৰে সফলতাৰে উৰণ কৰিবলৈ সক্ষম হৈছে ৷ইতিমধ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিৰ্মাণকাৰী কোম্পানী ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্পৰেশ্যনক ৫০খন বিমান গতাই দিছে। ইউক্ৰেইনৰ যুদ্ধক লৈ ইয়াক প্ৰস্তুত কৰা হৈছে বুলি আশংকা কৰা হৈছে  ৷

 

টু-১৬০এমৰ পূৰ্বৰ সংস্কৰণ টু-১৬০ ছোভিয়েট ইউনিয়নত সেৱা আৰম্ভ কৰে। এই ছিৰিজৰ মুঠ ৩৯খন বোমাৰু বিমান ‘কাজান বিমান উৎপাদন সংস্থা’ই নিৰ্মাণ কৰিছিল। ১৯৭০ চনত আমেৰিকাত নিৰ্মিত ‘ৰকৱেল বি-১ লেন্সাৰ’ বোমাৰু বিমানখনৰ ডিজাইনৰ ভিত্তিত মস্কোৱে টি ইউ-১৬০ নিৰ্মাণ কৰিছিল।

আশীৰ দশকৰ শেষৰ ফালে ছোভিয়েট বায়ুসেনাত যোগদান কৰা টু-১৬০ বিমানখন পশ্চিমীয়া বিশ্বত ‘ব্লেকজেক’ নামেৰে পৰিচিত হৈছিল। ইয়াক বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম ছুপাৰছনিক বোমাৰু হিচাপে জনা যায়। ১৯৮১ চনত টি ইউ-১৬০ৰ প্ৰথম পৰীক্ষামূলক উৰণ হৈছিল। ১৯৮৭ চনত ছোভিয়েট বায়ুসেনাত অন্তভুর্ক্ত কৰা হয় ৷ প্ৰতিকূল বতৰতো এই বিমানে যিকোনো ভৌগোলিক স্থানত নিৰ্দিষ্ট লক্ষ্যত আক্ৰমণ কৰিব পাৰে।

ঘণ্টাত সৰ্বোচ্চ ২২০০ কিলোমিটাৰ বেগেৰে উৰণ কৰা টি ইউ-১৬০ বিমানখনে ৭৫০০ কিলোমিটাৰ এলেকাত ‘কাৰ্পেট বোমা বিস্ফোৰণ’ কৰিব পাৰে। এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পৰা ইয়াৰ ক্ষমতা আছে ৷ টিউ-১৬০ বিমানত ২৭৫ টন অপাৰমাণৱিক বোমা আৰু মিছাইল কঢ়িয়াব পৰা যায় ৷এটা ষ্ট্ৰেচত ১২,৩০০ কিলোমিটাৰ উৰিব পাৰে। কিন্তু ইয়াৰ পিছতো এনে গধুৰ বোমাৰু বিমান ব্যৱহাৰ কৰাৰ কিছু অসুবিধা আছে।

গধুৰ ওজন আৰু তুলনামূলকভাৱে কম গতিৰ বাবে টু-১৬০ আকাশত আধুনিক শত্ৰুৰ যুদ্ধ বিমানৰ বাবে ‘সহজ চিকাৰ’ হ’ব পাৰে। ফলত বোমা বিস্ফোৰণৰ সময়ত শত্ৰুৰ পৰা  ‘সুৰক্ষা’ দিবলৈ লৈ যুদ্ধবিমান প্ৰেৰণ কৰিবলগীয়া হয়। বৰ্তমান ভাৰতকে ধৰি বহু দেশৰ বায়ুসেনাই যুঁজাৰু বিমান বা বোমাৰু বিমানৰ পৰিবৰ্তে বহুমুখী যুদ্ধ বিমান ব্যৱহাৰ কৰে। ৰাফেল এনে এখন বিমান।

অৱশ্যে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনাইছে যে ভাৰতীয় বায়ুসেনাৰ বাবে বোমাৰু বিমান ক্ৰয়ৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে। আৰু এই টি ইউ-১৬০খন পছন্দৰ শীৰ্ষত আছে। কিন্তু মস্কোৱে এতিয়াও কোনো দেশক পাৰমাণৱিক ক্ষমতাসম্পন্ন টিউ-১৬০এম বিক্ৰী কৰাৰ প্ৰস্তাৱ দিয়া নাই। এই বিমানখনৰ মূল অস্ত্ৰ হৈছে ২০০০ কিলোমিটাৰ দূৰত্বৰ কেএইছএম২ ( KH-47M2) পাৰমাণৱিক ক্ষেপণাস্ত্ৰ। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিদ্যুৎ আৰু পানী যোগানৰ সুবিধা ধ্বংস কৰাৰ বাবে এই মাহত টু-১৬০এম বিমানে আক্ৰমণ চলাইছিল। কিন্তু পাৰমাণৱিক বোমাৰ সলনি ৰাছিয়াৰ সেনাই ব্যৱহাৰ কৰিছে উচ্চ শক্তিৰ অপাৰমাণৱিক বিস্ফোৰক।

 

Previous Post

বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকাটো ক’ত আছে জানেনে ? ৩৫ হাজাৰ কোটি টকাৰে নির্মিত অট্টালিকাটোৰ আছে কেইবাটাও বিশেষত্ব

Next Post

দাড়িত পৰিধান কৰিলে ২.২৬ কিল’গ্ৰাম অলংকাৰ , ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্ব অভিলেখ আমেৰিকাৰ যুৱকৰ

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
দাড়িত পৰিধান কৰিলে ২.২৬ কিল’গ্ৰাম অলংকাৰ , ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্ব অভিলেখ আমেৰিকাৰ যুৱকৰ

দাড়িত পৰিধান কৰিলে ২.২৬ কিল’গ্ৰাম অলংকাৰ , ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্ব অভিলেখ আমেৰিকাৰ যুৱকৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7