লখিমপুৰত বিগত দহ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী ছাত্ৰী। লখিমপুৰৰ নাওবৈচা এলেকাৰ ১ নং সোণাপুৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈ আছে নৱম শ্ৰেণীত পঢ়ি থকা চেনিমাই গগৈ নামৰ ছাত্ৰী গৰাকী। বান্ধৱীৰ ঘৰলৈ ব্যৱহাৰিক পৰীক্ষাৰ অনুশীলন কৰিবলৈ গৈ ঘৰমুৱা নহ’ল চেনী মাই গগৈ।
পৰিয়ালৰ লোকে লখিমপুৰ দলৌহাট আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও বৰ্তমানলৈকে কোনো সুং সূত্ৰ পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
অতি দৰিদ্ৰ পৰিয়ালৰ চেনী মাই গগৈৰ কিবা খবৰ পালে তলত দিয়া মোবাইল নম্বৰত সবিশেষ জনাবলৈ অনুৰোধ জনাইছে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে।
মোবাইল নম্বৰ:- ৬০০২২৩০৩৯২ (6002230392)