VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 31, 2023
in মুখ্য সংবাদ
সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৩০জুলাই :–সদৌ নগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ ব্যৱস্থাপনাত শনিবাৰে জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্র-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় ।

জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে অসম উন্নতি সভাৰ উপ সভাপতি অমৰজিৎ গোস্বামীয়ে । সভাত নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে কয় যে ছাত্র-ছাত্ৰীসকলৰ এক সুনিৰ্দিষ্ট লক্ষ্য থকা উচিত । সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব লাগিব তেতিয়াহে তেওঁলোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব ।

বৰকটকীয়ে লগতে কয় যে অধ্যয়নত মাতৃভাষাত গুৰুত্ব দিব লাগিবই,লগে লগে ইংৰাজীও শিকিব লাগিব । সভাত সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে সপোন দেখিব লাগিব আৰু সেই সপোনক সাকাৰ ৰূপ দিবৰ বাবে ছাত্র-ছাত্ৰীসকলে সততা,নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে ছাত্র সন্থাই কাম কৰি অহাৰ কথা উল্লেখ কৰি বেজবৰুৱাই কয় যে সফলতা লাভ কৰা একাংশ কৃতী ছাত্র-ছাত্ৰী কেতিয়াবা সমাজৰ পৰা হেৰাই যায় ।

জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য গৌৰী শংকৰ শইকীয়া,অসম উন্নতি সভাৰ দেৱজিৎ বৰা,জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদিকা পংখী কলিতা,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিস্মান বৰুৱা, সাধাৰণ সম্পাদক ৰুবুল কাকতি, নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি কাকতি, সাধাৰণ সম্পাদক দুলাল শৰ্মা আৰু শিক্ষা সম্পাদক বিজিত কুমাৰ শইকীয়া উপস্থিত থাকে । সভাত জিলাখনৰ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয় ।

Previous Post

নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ২৯সংখ্যক “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱৰ সামৰণি

Next Post

এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ

এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7