বিশ্বৰ সবাতোকৈ আকর্ষণীয় স্থানসমূহৰ অন্যতম হৈছে চিডনী ৷ বিশে্কৈ চিডনীৰ বীচ্চ সমূহৰ প্ৰতি আছে পর্যটকৰ বিশেষ আকর্ষণ ৷ কিন্তু শেহতীয়াকৈ সংশ্লিষ্ট কতৃপক্ষই বন্ধ কৰিবলগীয়া হৈছে এখনৰ পাছত আন এখন বীচ্চ ৷বৃহৎকায় হাঙৰৰ আতংকৰ বাবেই বন্ধ কৰিবলগীয়া হৈছে এই বীচ্চসমূহ ৷ এখন বীচ্চত বুধবাৰে এজন লোকে সাঁতুৰি থকাৰ সময়তে এটা প্ৰকাণ্ড হাঙৰে আক্ৰমন কৰাৰ ফলত মৃত্যু হোৱাৰ পাছতে বীচ্চসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বুধবাৰে আবেলি অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ চহৰখনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দক্ষিণে অৱস্থিত লিটল বে বীচ্চত সংঘটিত হয় এই ঘটনা ৷ আৰক্ষীয়ে এতিয়ালৈকে নিহত লোকজনৰ পৰিচয় প্ৰকাশ কৰা নাই। বিগত ৬০ বছৰৰ ভিতৰত হাঙৰৰ আক্ৰমনত বীচ্চত সাঁতুৰিবলৈ যোৱা লোক নিহত হোৱাৰ এয়ে প্ৰথম ঘটনা ৷ হাঙৰটোক ধৰিবলৈ বীচ্চসমূহত বৰশী লগোৱাৰ লগতে ড্ৰোন কেমেৰাৰ জৰিয়তে সমগ্ৰ অঞ্চলসমূহ নিৰীক্ষণ কৰা হৈছে ৷
লিটল বে অন্তৰ্ভুক্ত হৈ থকা ৰেণ্ডউইক কাউন্সিলৰ মেয়ৰ ডিলান পাৰ্কাৰে সংবাদ মাধ্যমক কয় “এইটো আমাৰ সমাজৰ বাবে এক সম্পূৰ্ণ আচৰিত ঘটনা। উপকূলীয় অঞ্চলসমূ আমাৰ জীৱনৰেখাস্বৰূপ আৰু বীচ্চত এনেদৰে হোৱা কৰুণ মৃত্যু সম্পূৰ্ণৰূপে আশ্চর্যকৰ ৷ “
উল্লেখ্য যে মুৰে ৰোজ মালাবাৰ মেজিক অছিয়েন চুইম নামৰ বার্ষিক অনুষ্ঠানৰ প্ৰাকক্ষণত এই ঘটনাই আতংকৰ সৃষ্টি কৰিছে ৷ এই উৎসৱত হাজাৰ হাজাৰ সাঁতোৰবিদে অংশগ্ৰহণ কৰে। আয়োজকসকলে প্ৰকাশ কৰে যে তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু যদি অনুষ্ঠানটো পিছুৱাব লগা হয় তেন্তে সেয়া অহা ৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব।জীৱবিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি বীচ্চত লোকজনক আক্ৰমণ কৰা হাঙৰটো অতি কমেও ৩ মিটাৰ দৈৰ্ঘ্যৰ বগা হাঙৰ । ১৯৬৩ চনৰ পিছত এইটো চিডনীত প্ৰথম মাৰাত্মক হাঙৰৰ আক্ৰমণ ঘটনা।