VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ

ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই পৰিদৰ্শন কৰিলে জিলাৰ ২৭খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in মুখ্য সংবাদ
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমৰ লগতে আজিৰে পৰা কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ। আজি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ সৰ্বমুঠ ২৭খন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি চিকিৎসা প্ৰতিষ্ঠান সমূহে প্ৰদান কৰি থকা সেৱাৰ বুজ লয়।

উল্লেখ্য যে আজিৰে পৰা ৮ এপ্ৰিললৈ সমগ্ৰ ৰাজ্যখনতে চলি থকা স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে কামৰূপ জিলাৰো সৰ্বমুঠ ৮০ খন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানৰ মূল্যায়ন কৰা হ’ব।

উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম হিচাপে আৰম্ভ হোৱা “স্বাস্থ্য সেৱা উৎসৱ”ৰ জৰিয়তে সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিতকৰণৰ পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব। এই মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ ২১ খন জিলা চিকিৎসালয়, ১৬খন মহকুমা চিকৎসালয়, ২০৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ১,০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি সৰ্বমুঠ ১,২৫২ খন চৰকাৰী স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱাৰ পদক্ষেপ লৈছে।

এই কাৰ্যসূচীৰ অধীনত আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰ, ৰাষ্ট্ৰীয়া স্বাস্থ্য অভিযান মিচন, অসমৰ অভিযান সঞ্চালক ড০ এম.এচ. লক্ষ্মীপ্ৰিয়াই তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয়, বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ-এফ.আৰ.ইউ আৰু শুৱালকুছি এফ.আৰ.ইউ পৰিদৰ্শন কৰি চিকিৎসা সেৱাৰ বুজ লয়। তদুপৰি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়েও আজৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰটোৱে প্ৰদান কৰি থকা সেৱা তথা আন্তঃগাথনিৰ বুজ লয়। ইয়াৰ উপৰি উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব মধুসুদন নাথ, জনজাতি কল্যাণ (ভৈয়াম) বিভাগৰ যুটীয়া সচিব ৰমেন চন্দ্ৰ মালাকাৰ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ যুটীয়া সচিব অতনু শৰ্মা, কৃষি বিভাগৰ যুটীয়া সচিব গুণজিৎ কাশ্যপ, কামৰূপৰ অতিৰিক্ত আৰক্ষী আধীক্ষক (অপৰাধ) এচ. চাংচনকে ধৰি অন্যান্য উচ্চ পদস্থ বিষয়া সকলে আজি বিভিন্ন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি স্বাস্থ্য সেৱা তথা অন্যান্য আন্তঃগাথনিৰ বুজ লয়।

Previous Post

কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?

Next Post

পুনৰ অসমত ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ চৰকাৰী তথ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
পুনৰ অসমত ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ চৰকাৰী তথ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ

পুনৰ অসমত ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ চৰকাৰী তথ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7