VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকাটো ক’ত আছে জানেনে ? ৩৫ হাজাৰ কোটি টকাৰে নির্মিত অট্টালিকাটোৰ আছে কেইবাটাও বিশেষত্ব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in মুখ্য সংবাদ
বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকাটো ক’ত আছে জানেনে ? ৩৫ হাজাৰ কোটি টকাৰে নির্মিত অট্টালিকাটোৰ আছে কেইবাটাও বিশেষত্ব
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

‘পেলেচ অৱ পার্লিয়ামেণ্ট’। ৰোমানিয়াৰ এই বিধানসভা ভৱনটোৱে বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকা হিচাপে স্বীকৃতি লাভ কৰিছে। অট্টালিকাৰ উচ্চতা বেছি নহয়। কিন্তু ইয়াৰ ওজনে অভিলেখ গঢ়িছে।

এই বিধানসভা ভৱনটোক ৰোমানিয়াত ‘ৰিপাব্লিকছ হাউচ’, ‘পিপলছ হাউচ’ বা ‘পিপলছ পেলেচ’ বুলিও জনা যায়। বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকাটো ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ এখনপাহাৰৰ ওপৰত অৱস্থিত। সংসদ প্ৰাসাদৰ উচ্চতা ২৭৬ ফুট (৮৪ মিটাৰ)। কিন্তু অট্টালিকাটো যথেষ্ট বহল। অট্টালিকাটোৰ আয়তন প্ৰায় ৩ লাখ ৬৫ হাজাৰ বৰ্গমিটাৰ (৩৯ লাখ ৩০ হাজাৰ বৰ্গফুট)।

ইয়াৰ বাহিৰেও ‘পেলেচ অৱ পার্লিয়ামেণ্ট’টো ‘দ্যালুল স্পিৰি’ নামৰ পাহাৰটোৰ ওপৰত অৱস্থিত ৷ যাৰ মুঠ ঘনত্ব ২৫ লাখ ৫০ হাজাৰ বৰ্গমিটাৰ। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ৰ ওজন। এই সংসদ ভৱনৰ ওজন প্ৰায় ৪০৯ কোটি ৮৫ লাখ কিলোগ্ৰাম। ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ বিশ্বৰ আটাইতকৈ গধুৰ অট্টালিকা।

আটাইতকৈ গধুৰ অট্টালিকাৰ উপৰিও আন এটা অভিলেখ আছে ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ৰ। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল প্ৰশাসনিক ভৱন। ২০২০ চনৰ হিচাপ অনুসৰি সংসদৰ প্ৰাসাদৰ মূল্য প্ৰায় ৪ বিলিয়ন ইউৰো (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৫ হাজাৰ কোটি)। প্ৰতি বছৰে এই অট্টালিকাটোত কেৱল বিদ্যুতৰ বাবে প্ৰায় ৬০ লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫০ কোটি টকা) খৰচ হয়।

কমিউনিষ্ট ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোলা চেউচেস্কুৱে ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ১৯৮৪ চনৰ পৰাই এই ভৱন নিৰ্মাণৰ কাম আৰম্ভ হয়। ১৩ বছৰত ৭০০ স্থপতিবিদে মুখ্য স্থপতিবিদ আংকা পেট্ৰেস্কুৰ তত্বাৱধানত নিৰ্মাণ কৰিছিল ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ৰ। ১৯৯৭ চনত এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হয়।

পৃথিৱীৰ আটাইতকৈ গধুৰ অট্টালিকাটোৰ ভিতৰত কি আছে? মূলতঃ ৰোমানিয়া বিধানসভাৰ  দুটা চেম্বাৰ আছে ৷ য’ত  চিনেট আৰু চেম্বাৰ অৱ ডেপুটিছসকলে  কাম কৰে। ইয়াৰ উপৰিও ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ত ৩টা সংগ্ৰহালয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰ আছে।

পৰিকল্পনা অনুসৰি সংসদৰ প্ৰাসাদত মুঠ ১১০০টা কোঠা থাকিব লাগে। কিন্তু অট্টালিকাটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। পৃথিৱীৰ আটাইতকৈ গধুৰ অট্টালিকাটোত দুটা বৃহৎ সভাকক্ষৰ বাহিৰে মাত্ৰ ৪০০টা কোঠা আছে।

এই প্ৰশাসনিক ভৱনটোৰ মাটিৰ তলত মুঠ ৮ মহলা আছে। ৰাষ্ট্ৰপতি চেউচেস্কুৱে পাৰমাণৱিক যুদ্ধৰ আশংকা কৰিছিল। গতিকে তেওঁ অট্টালিকাটো মাটিৰ তলত নির্মাণ হোৱাটো বিচাৰিছিল ৷

ৰোমানিয়াৰ নিজা সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ ৷এই ভৱন নিৰ্মাণত ৩ হাজাৰ ৫০০ স্ফটিক, ৪৮০ টা চেণ্ডেলিয়াৰ, ১ হাজাৰ ৪০৯ টা লাইট আৰু দাপোন ব্যৱহাৰ কৰা হৈছিল। ৭ লাখ টন তীখা আৰু ব্ৰঞ্জৰ দ্বাৰা দুৱাৰ-খিৰিকী নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বাহিৰেও মাৰ্বল আৰু কাঠৰ ব্যৱহাৰো বহুলভাৱে কৰা হৈছে ৷

‘পেলেচ অৱ পার্লিয়ামেণ্ট’ৰ ওজনৰ বাবে প্ৰতিদিনে ভূগর্ভৰ ওপৰত যথেষ্ট চাপ পৰিছে ৷ৰোমানিয়াৰ এই প্ৰশাসনিক ভৱনটো প্ৰতি বছৰে ৬ মিলিমিটাৰকৈ ডুব গৈ আছে।

বিশেষজ্ঞসকলৰ মতে, অট্টালিকাটোৰ ওজনৰ বাবে মাটিৰ তলৰ পলসত যথেষ্ট চাপ পৰিছে। যাৰ বাবে ‘পেলেচ অৱ পার্লিয়ামেণ্ট’ৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

মুহুর্ততে এখন চহৰ ধ্বংস কৰিব পৰা ক্ষমতা থকা ৰাছিয়াৰ যুদ্ধ বিমানৰ বিশেষত্ব কি ? কিয় ভাৰতেও ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘বগা হাঁহ” হিচাপে খ্যাত যুদ্ধ বিমানখন

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
মুহুর্ততে এখন চহৰ ধ্বংস কৰিব পৰা ক্ষমতা থকা ৰাছিয়াৰ যুদ্ধ বিমানৰ বিশেষত্ব কি ? কিয় ভাৰতেও ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘বগা হাঁহ” হিচাপে খ্যাত যুদ্ধ বিমানখন

মুহুর্ততে এখন চহৰ ধ্বংস কৰিব পৰা ক্ষমতা থকা ৰাছিয়াৰ যুদ্ধ বিমানৰ বিশেষত্ব কি ? কিয় ভাৰতেও ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘বগা হাঁহ” হিচাপে খ্যাত যুদ্ধ বিমানখন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7