উৎকত গৰমত স্তব্ধ প্ৰায় হৈছে গুৱাহাটী মহানগৰ বাসীৰ জীৱনযাত্ৰা ৷ গুৱাহাটী মহানগৰীত আজি তাপমাত্ৰা তীব্ৰ গতিত বৃদ্ধি হৈছে। গুগলৰ বতৰৰ পূৰ্বানুমান অনুসৰি আজি গুৱাহাটীৰ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ হৈছেগৈ ৷ কিন্তু এনে অনুভৱ হয় যেন ই প্ৰায় ৪৫ ডিগ্ৰী চেলচিয়াছ।
অতি আশ্চৰ্যজনক যে জুলাইৰ মাজভাগত অসমীয়া হিচাপত শাওন মাহ আৰম্ভ হ’বলৈ ওলাইছে কিন্তু তথাপি এনে প্ৰচণ্ড গৰম অনুভৱ কৰি আছে গুৱাহাটী বাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে । জুন মাহত ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত এতিয়া জুলাই মাহত প্ৰচণ্ড গৰমৰ সন্মুখীন হৈছে গুৱাহাটীবাসী ৰাইজ। অৱশ্যে উল্লেখযোগ্য যে গুৱাহাটীৰ দৰে চহৰত কেৱল আৰ্দ্ৰতাৰ বাবে প্ৰকৃত ডিগ্ৰীতকৈ অধিক গৰম অনুভৱ কৰিছে ৰাইজে ।
বৰ্ধিত তাপমাত্ৰাই সাধাৰণ ৰাইজৰ চলাচলত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু যিসকল সদায় ঘৰৰ বাহিৰলৈ যাব লাগে , তেওঁলোকেও যাত্ৰাৰ সময়ত অধিক অসুবিধাৰ সন্মুখীন হৈছে ৷