কেইবাদিনো ধাৰাসাৰ বৰষুণৰ পিছত সোমবাৰে দিল্লী আৰু গুৰগাঁৱৰ কেইবাখনো ঠাইত পানী জমা হোৱাৰ খবৰ পোৱা গৈছিল। কেইবাটাও অঞ্চলত যান-জঁট আৰু গছ-গছনি উচ্ছেদ হোৱাৰ খবৰ পোৱা গৈছে ৷ আনহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত এক টুইট কৰি কয় যে, বেয়া বতৰৰ বাবে বিমান চলাচল ব্যাহত হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, বজ্ৰপাতৰ ফলত পুৱা ৫.৪০ বজাৰ পৰা পুৱা ৭ বজাৰ ভিতৰত সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত তাপমাত্ৰা ১১ ডিগ্ৰী হ্ৰাস পাই ২৯ডিগ্ৰী ছেলচিয়াছৰ পৰা ১৮ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়। আনহাতে সোমবাৰে দিল্লীত সৰ্বাধিক তাপমাত্ৰা ৩৯ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে আৰু মঙলবাৰে ধুমুহা অহাৰ সম্ভাৱনা আছে দিল্লীত।বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দিল্লীত ২৬ মে’লৈকে সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰীৰ তলত থাকিব আৰু ২৮ মে’ৰ ভিতৰত ৪১ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।