আনকি ছেপ্টেম্বৰ মাহতো ৰাজস্থানত উষ্ণতা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বৰঞ্চ তাপমাত্ৰাই ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে । গৰমে একপ্ৰকাৰ ৰেকর্ড কৰিছে ৰাজস্থানত ৷
ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি শনিবাৰে জয়ছালমেৰৰ উষ্ণতাই যোৱা ৭৪ বছৰৰ অভিলেখ ভংগ কৰে। ১৯৪৯ চনৰ ১০ ছেপ্টেম্বৰত জয়ছালমেৰত সৰ্বোচ্চ উষ্ণতা ৪৩.৩ ডিগ্ৰী চেলছিয়াছ আছিল । ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত সেই অভিলেখ ভংগ কৰি তাপমাত্ৰাই ৪৩.৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে । মৰুভূমিৰ কাষৰীয়া অঞ্চলত গ্ৰীষ্মপ্ৰৱাহে পৰিস্থিতি শোচনীয় কৰি তুলিছে ৷
জয়ছালমেৰৰ পিছত বাৰ্মেৰত তাপমাত্ৰাই নতুন অভিলেখ ৰচনা কৰিছিল । শনিবাৰে এই জিলাখনৰ সৰ্বোচ্চ তাপমাত্ৰা ৪০.৩ ডিগ্ৰী চেলছিয়াছ। সেইদিনা বিকানেৰত তাপমাত্ৰা আছিল ৪০ ডিগ্ৰী। যোধপুৰত ৩৯.৫, জালৌৰত ৩৮.৭ আৰু গংগানগৰত ৩৮.৫ তাপমাত্ৰা ৰেকর্ড হয় । যদিও ৰাজধানী জয়পুৰৰ তাপমাত্ৰাই ৪০ ডিগ্ৰী স্পর্শ কৰা নাছিল ৷ শনিবাৰে জয়পুৰত সৰ্বোচ্চ উষ্ণতা ৩২ ডিগ্ৰী চেলছিয়াছ।
বতৰ বিভাগে জনোৱা মতে, আগন্তুক ২৪ ঘন্টালৈকে এই পৰিস্থিতি অব্যাহত থাকিব। অৱশ্যে ১৩-১৪ ছেপ্টেম্বৰত পূব ৰাজস্থানৰ কেইবাটাও স্থানত পুনৰ সক্ৰিয় হ’ব পাৰে মৌচুমী। ফলত সেই সময়ত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে
আনহাতে জয়ছালমেৰ, যোধপুৰ বা বিকানেৰৰ দৰে জিলাত গৰমে দহি নিয়াৰ বিপৰীতে বিপৰীতে শনিবাৰে কোটা, ভাৰতপুৰ, উদয়পুৰ আৰু আজমেৰত পাতল বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বাৰিষাৰ সময়ত প্ৰয়োজনীয় পৰিমাণতকৈ ৫ শতাংশ বেছি বৰষুণ হৈছিল। জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ সাধাৰণ বৰষুণ ৩৯৮.৪ মিলিমিটাৰ। কিন্তু এইবাৰ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ আছিল ৪১৯.৬ মিলিমিটাৰ। পূব ৰাজস্থানৰ ২৩খন জিলাত পুনৰ স্বাভাৱিকতকৈ ১২ শতাংশ অধিক বৰষুণ হয়। আনহাতে, পশ্চিম ৰাজস্থানৰ ১০খন জিলাত স্বাভাৱিকতকৈ ৩৬ শতাংশ অধিক বৰষুণ হয়।