পৰৱৰ্তী ২৪ঘণ্টাত অসম,মেঘালয় ,অৰুণাচল প্ৰদেশ,নাগালেণ্ড আৰু পশ্চিম বংগৰ বিভিন্ন স্থানত মধ্যমীয়া বৃ্ষ্টিপাতৰ পৰা ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷
অৱশ্যে দেশৰ বিভিন্ন স্থানত এতিয়াও একেৰাহে বৃষ্টিপাত হৈ আছে ৷ আনহাতে কিছু ৰাজ্যত তাপমাত্ৰাও বৃদ্ধি পাইছে ৷ এক প্ৰতিবেদন অনুসৰি পৰৱৰ্তী ২৪ ঘণ্টাত অসম আৰু ইয়াৰ দাতি কাষৰীয়া কেইবাখনো ৰাজ্যত পাতলৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ ছিকিম,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু দক্ষিণ কৰ্ণাটকতো পাতলৰ পৰা ধাৰসাৰ বৰষুণ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ লগতে উত্তৰ-পূৱ ভাৰত ,কেৰালা ,লক্ষদ্বীপ,উত্তৰ-পূব বিহাৰ আৰু জম্মূ কাশ্মীৰৰ বাকী অংশতো পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷