বিংশ শতিকাৰ ’২০দশকত প্ৰকাশিত প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’ ক লৈ সুসাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বেণুধৰ শৰ্মা দেৱে লিখিছিল,” সেই খনতে (ঘৰ জেউতিত) দুৰ্গাপ্ৰসাদ (মজিন্দাৰ বৰুৱা) প্ৰধান লেখক, আঁৰে আঁৰে থকা সম্পাদক আৰু পৃষ্ঠপোষক আছিল।” অসম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা ‘মিলন’ নামৰ আলোচনীৰ সম্পাককে ‘ঘৰ জেউতি’ৰ কেইটামান সংখ্যা পোৱাৰ পাছত “দিপ লিপ সৰ্বাঙ্গসুন্দৰ” আৰু “ভাষাৰ পবিত্ৰতা ৰক্ষা কৰা” আলোচনী বুলি প্ৰশংসা কৰি “আই সকলক উদ্গনি দি অসমীয়া ৰাইজৰ অশেষ উপকাৰ কৰাৰ বাবে” তাৰাপ্ৰসাদ চলিহা দেৱ আৰু সুসাহিত্যিক দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ প্ৰতিহে কৃতজ্ঞতা প্ৰকাশ কৰে!
সেই সময়ৰ প্ৰেক্ষাপটত এনে মন্তব্য অস্বাভাৱিক নাছিল। অসমীয়া নাৰীৰ দ্বাৰা ১৯২৭ চনতে আলোচনী প্ৰকাশ! পাঠকৰ বাবে আছিল এয়া এক বিস্ময়কৰ অভিজ্ঞতা। আজিৰ প্ৰেক্ষাপটত এয়া নিতান্তই স্বাভাৱিক আৰু সহজ। (অৱশ্যে আজিও অভাৱ!) কিন্তু যিসময়ত নাৰীসকল ঘৰৰ বাহিৰ ওলোৱাটোৱেই আছিল আচৰিত কথা। বিদ্যালয় গচকাটো আছিল অলীক কল্পনাৰ নামান্তৰ। তেনে ক্ষেত্ৰত বৌদ্ধিক বিকাশৰ হেতু এখন আলোচনী! কিন্তু এয়া সম্ভৱ হৈছিল।
‘ঘৰ জেউতি’ নামেৰে অসমীয়া প্ৰথম মহিলা আলোচনী খন প্ৰকাশ পাইছিল শিৱসাগৰৰ পৰা। ‘ঘৰ জেউতি’ৰ সম্পাদক আৰু প্ৰকাশকদ্বয় আছিল শিৱসাগৰৰ বিখ্যাত চলিহা পৰিয়ালৰ কনকলতা চলিহা আৰু কমলালয়া কাকতি। আজিৰ পৰা এশ বছৰ আগতে অসমৰ দৰে এখন ঠাইক প্ৰতিনিধিত্ব কৰি মহিলা আলোচনী প্ৰকাশ কেৱল সাহস নহয় প্ৰৱল মানসিক শক্তিৰ পৰিচায়ক আছিল।
‘ঘৰ জেউতি’ প্ৰকাশ পাইছিল ১৯২৭ চনৰ জুন মাহৰ পৰা ১৯৩১ চনৰ জুলাই মাহলৈকে। এখন আলোচনী প্ৰকাশ হ’লে সাধাৰণতে বৌদ্ধিক উত্তৰণৰ প্ৰত্যাশা কৰা যায়। কিন্তু ‘ঘৰ জেউতি’ত বৌদ্ধিক উত্তৰণৰ সমানে প্ৰকাশিত হৈছিল এক মৰমলগা প্ৰয়াস স্বাধীনতাৰ সপক্ষে। আলোচনীখনৰ কিছুমান বিষয়বস্তুয়ে নাৰী সকলৰ মানসিকতাৰ সেই শিশুসুলভ ভাৱ প্ৰকাশ কৰিছে, যি আজিৰ নাৰীৰ দৃষ্টিভংগীত দুগ্ধপোষ্য শিশুৰ মানসিকতাহে! কিন্তু সন্মান সহকাৰে ক’ব লাগিব সেই সকল নাৰীৰ সংগ্ৰাম আছিল প্ৰকৃত স্বাধীনতাৰ হকে। স্বাধীনতা নামৰ খেয়ালী চিন্তাক তেতিয়াৰ নাৰীয়ে বুজা নাছিল। অধিকাৰ আৰু পৰিচয়ৰ সংগ্ৰামেই আছিল প্ৰাপ্তিৰ সীমনা। কিন্তু ব্যতিক্ৰম আছিল, আৰু আছিল বাবেই প্ৰকাশ হৈছিল ‘ঘৰ জেউতি“।
‘ঘৰ জেউতি’ৰ কথাই কেৱল আজিৰ লেখনিৰ উদ্দেশ্য অৱশ্যেই নহয়, কিন্তু সেই নিৰৱ বিপ্লৱৰ কথা বাৰে বাৰে দোহাৰিলেও যেন তাকৰ! ‘ঘৰ জেউতি’ত সকলো আছিল। অসমীয়া নাৰীৰ চিন্তা-চেতনা, অধিকাৰ, উন্নয়ন- উত্তৰণৰ দলিল, এখন আলোচনী। ৰন্ধন প্ৰণালীৰ পৰা ব্যায়াম, বাণিজ্যৰ পৰা কৃষিৰ সজাগতা, গল্প,কবিতা, ধৰ্মৰ কথা, সাংসাৰিক উপদেশ, দেশভক্তি, ভ্ৰমণ কাহিনী ইত্যাদি সকলো। সেই যুগতে শ্ৰী মতী কনকলতা চলিহাই তেওঁৰ “স্বদেশী দিয়াচলাইৰ কাৰখানা” নামৰ প্ৰৱন্ধত লিখিছিল- “এই উদ্যোগী কৰ্মীসকলক আমি প্ৰশংসা কৰোঁ। আমাৰ অসমীয়া ভাতৃবৃন্দও এনেকুৱা কাৰবাৰলৈ পাছ হুঁহকি থাকিবনে?” কেৱল নাৰী স্বাধীনতা বুলি ক’লে ভুল হ’ব মানুহৰ স্বাধীনতাৰ সপক্ষে নিৰন্তৰ সংগ্ৰাম ৰত ব্যতিক্ৰমী শ্ৰীমতী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গোৱালপাৰাত অনুষ্ঠিত মহিলা সমিতিৰ সম্পাদিকাৰ প্ৰতিবেদনত লিখিলে-” …কিন্তু নাৰীয়ে নিজৰ পথ নিজেই নিৰ্ণয় কৰি নললে পুৰুষসকলে নিৰ্ণয় কৰি দিয়া টান। আগে-পিচেও নাৰী যেতিয়াই কোনো এক সমস্যাত পৰিছে, তেতিয়াই নিজে তাৰ প্ৰতিকাৰ কৰিছে। আজিও তাৰ অন্যথা নহয়।”
আলোচনীখনত শ্ৰীমতী অন্নদা বৰগোহাঁয়ে “মোৰ জীৱনৰ প্ৰথম প্ৰৱন্ধ” নামেৰে এটা লেখা লিখিছে। প্ৰৱন্ধতো পঢ়িলে ‘ঘৰ জেউতি’য়ে নীৰৱে কঢ়িয়াই অনা বিপ্লৱৰ অনুধাৱন সহজেই কৰিব পাৰি-” এনেকুৱা এখন সমাজত থিয় হৈ এইদৰে এখন কাকত পঢ়া বা কোনো কথা কোৱা জীৱনত এয়ে প্ৰথম। …আমাৰ জীৱনৰ আগ-ছোৱাত এনে বিধৰ তিৰোতা-সমাজ দেখিবলৈ, আৰু তাত যোগ দিবলৈ আমি নেপালোঁ। …আমাৰ দেশতো আজি-কালি লাহে লাহে স্ত্ৰী-শিক্ষা বিস্তাৰ হোৱাৰ লগে লগে, আমাৰ তিৰোতা সমাজত এটি নতুন জাগৰণৰ ঢৌ উঠিছে। যদি এই জাগৰণত সজাগ হৈ আমি এতিয়া কৰ্তব্যৰ সুবাট চিনি লব পাৰোঁ, তেনেহ’লে ই আমাৰ ভৱিষ্যত মঙ্গল সাধিব। তাকে কৰিব নোৱাৰিলেহে “ৰাজহংসৰ গতি ধৰোঁতে ঘনচিৰিকাৰ খোজো পাহৰা”ৰ নিচিনা হ’ব। সেইদেখি আমি এতিয়া কোনো কথাতে খৰ্ধৰ্ আৰু হুৰ্মূৰ্ নলগাই ধীৰ আৰু সুস্থিৰভাৱে কামত হাত দিব লাগিব।” স্বাধীনতাৰ পক্ষ লৈও যেন কিছু সংশয়! পাৰিবনে? নিতান্তই স্বাভাৱিক কথা এই সংশয়। অসমীয়া সহজ নাৰীৰ দ্বিধা থাকিলেও এয়া প্ৰগতিৰ পথেৰে খুপি খুপি কৰা যাত্ৰা।
চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ‘ঘৰ জেউতি’ৰ প্ৰকাশ বন্ধ হ’ল। ঘৰ জেউতিৰ সহ সম্পাদক কমলালয়া কাকতি ৰায় বাহাদুৰ কালিপ্ৰসাদ চলিহাৰ ডাঙৰ জীয়ৰী। কনকলতা চলিহা ডাঙৰ বোৱাৰী। কালিপ্ৰসাদ চলিহাৰ সহধৰ্মিনী নিকুঞ্জলতা চলিহা শ্বহীদ মণিৰাম দেৱানৰ জী নাতিনী। এনে এখন প্ৰগতিশীল তথা সংস্কৃতিবান ঘৰৰ পৰাই সেই সময়ত বৌদ্ধিক জাগৰণৰ আশা কৰিব পাৰি। ব্যক্তিগত জীৱনতো কমলালয়া কাকতিয়ে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁৰ উপস্থিতিতে স্বামীয়ে দ্বিতীয় বিবাহ কৰিবলৈ উদ্যত হওঁতে তেওঁ বিদ্ৰোহ কৰি পুত্ৰৰ সৈতে পিতৃগৃহলৈ ঘূৰি আহে। ‘ঘৰ জেউতি’ বন্ধ হোৱাৰ বহুকেইটা কাৰনৰ কথা ড° অৰ্পণা মহন্তই ‘ঘৰ জেউতি’ৰ পাতনিত উল্লেখ কৰিছে। অৰ্থৰ লগতে ভাঙি পৰা মনোবলো প্ৰধান কাৰণ হ’ব পাৰে! ইমান সংঘাটৰ মাজেৰে গৈ প্ৰকাশ কৰা আলোচনী খন ৰাইজে সম্পূৰ্ণ ৰূপে আদৰি লোৱা নাছিল! ইয়াৰ কাৰণ যুগ যুগান্তৰ ধৰি পুৰুষ প্ৰধান সমাজত সংলগ্ন হৈ ৰোৱা ” এওঁলোকে নো কি বৌদ্ধিক কাম কৰিব?” ধৰণৰ চেতনাকো উপেক্ষা কৰিব নোৱাৰি। অৱশ্যে ইতিহাসত বহু কাকত-আলোচনী পাঠকে আদৰি ল’লেও বন্ধ হোৱাৰ উদাহৰণ আছে। যি কি নহওক নীৰৱ ইতিহাসৰ সৃষ্টি কৰি এটা সময়ত ‘ঘৰ জেউতি’ ৰ প্ৰকাশ বন্ধ হ’ল।
আইদেউ সন্দিকৈ “জয়মতী” বোলছবিৰ নায়িকা। সমগ্ৰ জীৱন লাঞ্চনাৰ মাজেৰেই পাৰ হ’ল এই গৰাকী নাৰীৰ। কাৰন মহিলা হৈ পুৰুষৰ সমানে সমানে অভিনয় কৰা, পৰ্দাৰ স্বামীক ‘বঙহৰ দেউ’ সম্বোধন কৰা। আজিৰ সময় য’ত ব্যক্তি স্বাধীনতাই সকলো ফৰ্ম ভাঙি শেষত ব্যক্তিয়ে কি কৰিব পাৰে সেই গৱেষণাত নামিছে, ইয়াত “নাপায়” শব্দ ক’ব নাপায়! তেনে প্ৰেক্ষাপটত মহিলাৰ আলোচনী কোনো ব্যতিক্ৰম নহয়। কিন্তু পৰ্দাৰ ভিতৰত “নাৰী স্বাধীনতা”ৰ ফোপোলা স্বৰূপ কাৰো অচিনাকী নহয়। “ঘৰ জেউতি” এশ বছৰ আগতে প্ৰকাশ পোৱা এখন আলোচনী। এশ বছৰৰ আগতে পৰিস্থিতি নাৰী সমাজৰ অনুকূল নাছিল কাৰন শিক্ষাৰ অভাৱ তথা সামাজিক ৰক্ষণশীলতাই প্ৰতি খোজে খোজে তেওঁলোকক আগবাঢ়ি যোৱাত বাধা দিছিল। কিন্তু আজিৰ আই সকলো স্বাধীন জানো? এটা স্তৰৰ অৱস্থা এশ বছৰৰ আগৰ তুলনাত কোনো গুণেই পৃথক নহয়। ব্যক্তিগত ভাৱে দেখা আজিও বহু নাৰী নিজ ঘৰখনতে নাপায়, নকৰিবা, নাযাবা, সমাজে বেয়া বুলিবৰ মুখামুখী হয়। আৰু শিক্ষিত আধুনিকা বোলোৱা নাৰীয়েও এয়া মানি লয়! যি কি নহওক। আজিৰ মানুহক শিকাব পৰাকৈ এই লিখিনি পৰ্যাপ্ত নহয়। দিনবোৰ বহু আগবাঢ়ি গ’ল। এতিয়া বোধ জাগ্ৰত হোৱাৰ সময়।
অসমৰ সংগীত জগতৰ পুৰোধা লক্ষ্মীৰাম বৰুৱাৰ কন্যা, বিখ্যাত চাহখেতিয়ক কালীপ্ৰসাদ চলিহাৰ বোৱাৰী তথা অধিবক্তা তাৰাপ্ৰসাদ চলিহাৰ পত্নী কনকলতা চলিহাই ১৯০৩ চনত ধুবুৰীত জন্মগ্ৰহণ কৰি এক শিক্ষিত, সংস্কৃতিবান পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তাৰাপ্ৰসাদ চলিহালৈ বিবাহত বহাৰ পাছত তেওঁ সান্নিধ্য লাভ কৰিছিল শাহুয়েকৰ ৰূপত নিকুঞ্জলতা চলিহাৰ। স্বামী তাৰাপ্ৰসাদ চলিহাৰ ভগ্নী কমলালয়াৰ সৈতে চলিহা পৰিয়ালৰ প্ৰেৰণা আৰু সহযোগত অসমীয়া নাৰী সমাজৰ হৈ এক অঘোষিত যুদ্ধত অৱতীৰ্ণ হৈছিল কনকলতা চলিহা। আজিৰ দিনত চৰকাৰৰ উদ্যোগত দেশত আৰম্ভ হৈছে নাৰী সৱলীকৰণ অভিযান। নাৰীক দেশৰ অৰ্থনৈতিক উত্তৰণৰ এক অংশৰূপে বিবেচনা কৰি গ্ৰহণ কৰিছে অৰ্থনৈতিক দিশত মহিলাক স্বাৱলম্বী কৰাৰ অভিযান।
কিন্তু ‘ঘৰ জেউতি’ৰ জড়িয়তে কনকলতা চলিহা বাহিনীয়ে তেতিয়াই অৰ্থনৈতিক দিশত আগবঢ়াই নিবলৈ আৰম্ভ কৰিছিল কেতবোৰ পৰিকল্পনা। ইয়াৰ দ্বাৰা মহিলা সকলক হস্তশিল্পৰ বিভিন্ন কৰ্মত জড়িত হবলৈ উৎসাহিত কৰিছিল। উৎপাদিত সামগ্ৰীৰ বজাৰ আৰু বিপননৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। লগতে ‘ঘৰ জেউতি’য়ে মহিলা সকলক দেশৰ স্বাধীনতা যুজঁৰ অংশীদাৰ হবলৈ উদ্বুদ্ধ কৰিছিল। আজিৰ পৰা প্ৰায় এশ বছৰৰ আগত ‘ঘৰ জেউতি’য়ে হাতত লৈছিল এনে প্ৰগতিশীল চিন্তা। এই চিন্তা সমূহৰ নেপথ্যত আছিল কনকলতা-কমলালয়াৰ দৰে নাৰী। অসমৰ নাৰী সমাজৰ বাবে চমু জীৱনকালত বহু অৱদান আগবঢ়াই যোৱা কনকলতা চলিহাক আজি কোনেও স্মৰণ নকৰে। তেওঁৰ নীৰৱ আন্দোলন নীৰৱেই কালৰ গৰ্ভত হেৰাই গ’ল। পৰিয়ালৰ সদস্যসকলৰ মৃত্যুৰ পিছত হয়তো কেৱল কিতাপৰ এটা চুকত শুই ৰ’ব এই দুই মহিয়সী।
আজিৰ আধুনিক অসমীয়া নাৰী সমাজৰ পটভূমি এওঁলোকৰ দ্বাৰাই নিৰ্মিত। আমি পুনৰ এশ বছৰৰ আগলৈ ঘূৰি যাওঁ। তেওঁলোকক নিৰ্বিচাৰে শ্ৰদ্ধা কৰিবই লাগিব। তাৰ গত্যন্তৰ নাই। কিন্তু তেওঁলোকক আমি কিমানে আৰু কি ভাৱে মনত ৰাখিছো। শিৱসাগৰত কমলালয়া কাকতিৰ নামত এখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ হেতু তেওঁৰ নাম সকলোৱে জানে কিন্তু কনকলতা চলিহাক কেৱল পৰিয়ালে জানে। কনকলতা চলিহাৰ সমাধি অনাদৃত হৈ নিঃসংগভাৱে পৰি ৰ’ল। যি নাৰীয়ে এখন সমাজক প্ৰতিনিধিত্ব কৰি আগুৱাই নিছিল, সেই নাৰী আজি অৱহেলিত, আনকি উপেক্ষিত তেওঁৰ সমাধিও। যি সমাধিত ফুল গজিব লাগিছিল, তাত এতিয়া ৰঘুমলাৰ বসতি।