প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা জিলাসমুহক প্ৰশংসা কৰে। চৰকাৰী আঁচনিসমুহৰ ৰূপায়ণ সন্দৰ্ভত সমগ্ৰ দেশৰ জিলা দণ্ডাধীশসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত জিলাসমূহত ভাল ফলাফল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে ৷ বার্তালাপৰ সময়ত তেওঁ কয় “যেতিয়া আনৰ আশা-আকাংক্ষা আমাৰ নিজৰ আশা-আকাংক্ষা হৈ পৰে, আনৰ সপোন পূৰণ কৰাতে আমাৰ সফলতাৰ পৰিমাপ হৈ পৰে, তেতিয়া সেই কৰ্তব্যৰ পথটোৱে ইতিহাস সৃষ্টি কৰে। আজি আমি দেশৰ কেইবাখনো জিলাত এই ইতিহাস ৰচনা কৰা দেখিছো ৷” তেওঁ প্ৰশাসন আৰু জনসাধাৰণৰ মাজত ‘শীর্ষৰ পৰা নিম্ন পর্যায়লৈ ‘ আৰু ‘নিম্নৰ পৰা শীৰ্ষ পর্যায়লৈ ‘ সুশাসন নিশ্চিত কৰিবলৈ প্ৰত্যক্ষ আৰু আৱেগিক সংযোগ বর্তাই ৰখাৰ আহ্বান জনায়।প্ৰধানমন্ত্ৰী মোদীয়ে কয়-“জিলাসমূহত লাভ কৰা সফলতাৰ এক মুখ্য কাৰণ হৈছে একত্ৰীকৰণ। সকলোতে সম্পদ একে, চৰকাৰী যন্ত্ৰপাতি একে, বিষয়াো একে, কিন্তু ফলাফল বেলেগ,”
সুশাসনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই চৰকাৰক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰে। তেওঁ বিষয়াসকলক ক্ষেত্ৰ ভ্ৰমণ আৰু পৰিদৰ্শনৰ বাবে বিতং নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ তেওঁ অসামৰিক বিষয়াসকলক সেৱাৰ প্ৰথম দিনটোৰে পৰা উৎসাহেৰে দেশৰ হকে কাম কৰিবলৈ আহ্বান জনায়। এই প্ৰসংগতে মোদীয়ে কয় “মই অসামৰিক সেৱাৰ সহকৰ্মীসকলক আৰু এটা কথা মনত পেলাই দিব বিচাৰো । আপুনি প্ৰথম কর্তব্যত যোগদান কৰা দিনটোৰ বিষয়ে ভাৱক । আপুনি দেশৰ বাবে কিমান কাম কৰিব বিচাৰিছিল, কিমান উৎসাহেৰে পৰিপূৰ্ণ আছিল সেই দিনটো ৷ আজি আপুনি একেই মনোভাৱেৰে আগবাঢ়িব লাগিব ৷”