সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দিশপুৰ শাখাৰ নতুন বছৰৰ প্ৰথমখন সভা যোৱা ২৪ জানুৱাৰীৰ বিয়লি ৫ বজাৰ পৰা ৭ বজালৈ গুগুল মীট যোগে এক ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হয়।সভানেত্ৰী ড সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যই বন্তি প্ৰজ্বলেনেৰে সভাখন শুভাৰম্ভ কৰে। আদৰণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী” পৰিৱেশনৰে সভাখন আৰম্ভ কৰা হয়। সভাপতি ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যৰ বলিষ্ঠ পদক্ষেপত আৰু সম্পাদিকা নীতা চক্ৰৱৰ্তীৰ নিষ্ঠাৰে গতানুগতিকতাৰ পৰা ফালৰি কাটি এক গঠনমূলক দৃষ্টিভংগীৰে সভা খন অনুষ্ঠিত হয়। সভাখনত উপন্যাসৰ ওপৰত আলোচনা কৰা হয়। প্ৰতি গৰাকী সদস্যাই নিজৰ ভাল লগা উপন্যাস সম্পৰ্কে অতি সুন্দৰকৈ বাখ্যা কৰে আৰু ভাল লগাৰ কাৰণ দৰ্শায়। এই সভাখনত সদস্যাসকলে আলোচনা কৰা উপন্য়াস কেইখন হ’ল –
পুস্পলতা বৰা (লক্ষীনন্দন বৰা দেৱৰ —-“মদাৰ গছৰ পাণ”)
মীনাক্ষি ডেকা (মৃণাল কুমাৰ দেৱৰ—“বকুল ফুলৰ দৰে”)
মীনা কুমাৰী (মামনি ৰয়চম গোস্বামীৰ —-” আধা লেখা দস্তাবেজ”)
মামনি শৰ্মা ( ড° মৃদুল চন্দ্ৰ শৰ্মাৰ —–(“সোণালী সুতাৰ সপোন”)
কল্পনা বৰুৱা (শৰ্মিষ্ঠা প্ৰীতমৰ —“পৰাণ নিগৰে”)
কল্পনা শৰ্মা ( নিৰ্মলপ্ৰভা বৰদলৈৰ —– “জীৱন জীৱন বৰ অনুপম”)
নীতা চক্ৰৱৰ্তী ( বেবী হালদাৰৰ “আলো আঁধাৰি”ৰ অসমীয়া অনুবাদ গীতা দত্ত বৰঠাকুৰৰ “অমানিশাৰ পোহৰ”)
ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য (A thousand splendid suns by khaled Hosseni.and the kite Runner )
সভানেত্ৰী ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য আৰু উপ সভানেত্ৰী পুস্পলতা বৰাই উপন্যাস কেইখনৰ ওপৰত মতামত আগবঢ়ায়। সদস্যা মীনাক্ষি ডেকা আৰু মীনা কুমাৰীয়ে বিশেষ মন্তব্য দাঙি ধৰে। পুস্পলতা বৰুৱাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়।