উত্তৰ প্ৰদেশ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ আন এক মোক্ষম আঘাত ৷ এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্য়খনৰ শীর্ষ নেতা আৰ পি এন সিঙে ৷ শীঘ্ৰে তেওঁ বিজেপিত যোগদান কৰিব বুলি ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে ৷ টুইটাৰৰ জৰিয়তে ছোনিয়া গান্ধীলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰৰণ কৰে ৷ পূব উত্তৰ প্ৰদেশৰ কুশীনগৰৰ সাংসদ আৰ পি এন সিং ৰাজ্যখনৰ কংগ্ৰেছৰ শীর্ষনেতাসকলৰ অন্যতম ৷ কালি কংগ্ৰেছে ঘোষণা কৰা দলটোৰ তাৰকা প্ৰচাৰকসকলৰ তালিকাত আছিল আৰ পি এন সিং ৷ শেহতীয়াকৈ বিজেপি ত্যাগ কৰা স্বামী প্ৰসাদ মৌৰ্যৰ বিপৰীতে সিঙে তেওঁৰ দুৰ্গ পাদ্ৰাউনাত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। সিং পূৱ উত্তৰ প্ৰদেশৰ এজন বিশিষ্ট নেতা আৰু মৌৰ্যই বিজেপি ত্যাগ কৰাৰ পাছত বিজেপিত সৃষ্টি হোৱা শূন্যতা পুৰণ কৰিব বুলি আশা কৰা হৈছে ৷ সিং পাদ্ৰাউনাৰ তিনিটা কাৰ্যকালৰ বিধায়ক। তেওঁ ২০০৯ চনত কুশীনগৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷ কিন্তু ২০১৪ চনত পৰাজিত হৈছিল। বিজেপি ত্যাগ কৰা স্বামী প্ৰসাদ মৌৰ্যই পদ্ৰাউনা আসনৰ পৰা যোৱা দুটা ৰাজ্যিক নিৰ্বাচনত জয়লাভ কৰিছিল ৷ প্ৰথমে মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ (বিএছপি) প্ৰাৰ্থী হিচাপে আৰু তাৰ পিছত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ৷