কুটজ
ইংৰাজী নামঃ Karchi
বৈজ্ঞানিক নামঃ Holarrhena antidyseniterica (L)
আঠৰ পৰা ন মিটাৰ ওখ হোৱা এবিধ মধ্যমীয়া উদ্ভিদ।ফুলৰ ৰং বগা। সামান্য গোন্ধ আছে। ফুল থোপা হৈ ফুলে। দেখিবলৈ যৱধানৰ নিচিনা। মে’ , জুলাই মাহত ফুল ফুলে। গছৰ ছাল , পাত ছিঙিলে বা কাটিলে বগা বৰণৰ আঠা ওলায়।ইয়াৰ গুটিক ইন্দ্ৰযৱ বোলে। কুটজৰ আছে ঔষধি গুণ।জানো আহকচোন-
১) কুটজ কফ পিত্তনাশক , ভোক বঢ়ায় , ৰক্তশোধক আৰু ধাতুশোধক।
২) অতিসাৰ , ৰক্তাশয় , পেটৰ ৰোগ নাশ কৰে।
৩) বাতৰক্ত , কুষ্ঠ , ৰক্তবিকাৰ আৰু জ্বৰ নাশক।
৪) ছাল ছৰিয়াছিছ আৰু ছালৰ খজুৱতি ৰোগত উপকাৰী।
৫) কুটজৰ বাকলিৰ ক্কাথেৰে ঘা ধুলে ঘা সহজে শুকায়।
৬) দাঁতৰ বিষত কুটজৰ ছালৰ গুড়িয়ে বিষ নাশ কৰে।
৭) গ্ৰহণী ৰোগত ছালৰ ক্কাথ অতি উপকাৰী।
৮) জণ্ডিচ হ’লে এক চামুচ কোমল পাতৰ ৰস খালে উপকাৰ পোৱা যায়।
৯) গছৰ বাকলিৰ ক্কাথ বহুমূত্ৰ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয়।
১০) কেঁচা শিপাৰ বাকলিৰ ৰস দুই চামুচ এশ গ্ৰাম গাখীৰত মিহলাই খালে প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোগ ভাল হয়।
১১) ইন্দ্ৰযৱে বেচু আৰু ছালৰ ৰোগ নাশ কৰে।
১২) ইন্দ্ৰযৱ আৰু বিৰিণাৰ শিপাই তীব্ৰ জ্বৰ ভাল কৰে।