আজি অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, অনুবাদক, জ্ঞানদাভিৰাম বৰুৱাৰ স্মৃতি দিৱস ।১৮৮০চনত অসমৰ মাটিত জন্ম গ্ৰহণ কৰা জ্ঞানদাভিৰাম বৰুৱাই নগাঁৱত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ পৰৱৰ্তী সময়ত কলিকতা আৰু লণ্ডনত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান বি আৰ এম আইন মহাবিদ্যালয়ৰ তেওঁ প্ৰথম অধ্যক্ষ আছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনৰো সক্ৰিয় অংশীদাৰ আছিল জ্ঞানদাভিৰাম বৰুৱা।অসমৰ আগশাৰীৰ কেইবাখনো আলোচনী বাঁহী, আৱাহন, ৰামধেনু আদিৰ যোগেদি সাহিত্য চৰ্চা কৰা জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া সাহিত্য জগতখনক চহকী কৰি থৈ যোৱা গ্ৰন্থসমূহৰ ভিতৰত ভেনিচৰ সাউদ,দদাইৰ পঁজা (Uncle Tom’s Cabin), পঞ্চৰত্ন , বিলাতৰ চিঠি, আত্মজীৱনী মূলক গ্ৰন্থ ‘মোৰ কথা’আদি । অসমৰ স্বনামধন্য লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল। ১৯৩৩ চনত উত্তৰ লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতি আছিল জ্ঞানদাভিৰাম বৰুৱা।
১৯৫৫ চনৰ ২৭জানুৱাৰীত এইগৰাকী মহান ব্যক্তিৰ মহাপ্ৰয়াণ ঘটে।এই বিশেষ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।