গুৱাহাটী, ২৭ জানুৱাৰী: গণৰাজ্য দিৱসৰ স’তে সংগতি ৰাখি ৰাভা লেখক মঞ্চ,অসমৰ সভাপতি ডা: শৰৎ চন্দ্র ৰাভাৰ আহ্বান মৰ্মে গুৱাহাটী পশ্চিম প্ৰান্তৰ একোলেণ্ড গেটৰ কৃষি পামৰ বাকৰিত গীত-কবিতাৰ এক নান্দনিক অনুষ্ঠান কালি অনুষ্ঠিত হয়। নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র হিৰকজ্যোতি শৰ্মাই কামৰূপী লোকগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসম জনকৃষ্টি সমাজৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ চন্দ্র দাসে কয়- “মাটিৰ স’তে সংপৃক্ত থকা সাহিত্য ষুগজয়ী।
বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, ফণী শৰ্মা, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি আজি জগত সভাত বন্দিত। মাটিৰ স’তে তেখেত সকলৰ সম্পর্ক আছিল।” বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ মৃণাল কুমাৰ বৰাই কয়- “লোকগীত, লোককথা, লোকসংস্কৃতিসমূহ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰত আমি গুৰুত্বাৰোপ কৰিব লাগে। গীত-কবিতাটো লোককথা থাকিব লাগে।” বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক, সমালোচক দীপক শৰ্মাই কয়- “কৃষক-শ্ৰমিকৰ কথা থকা সাহিত্যও বিশ্ববিশ্ৰুত।
মাটিৰ গোন্ধ থকাৰ লগতে যিবোৰ সাহিত্যত সমাজ সংস্কাৰৰ কথা থাকে সেইবোৰ সাহিত্য সকলোতে উল্লেখনীয় হৈ পৰে।” গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ প্ৰাক্তন সঞ্চালক ৰাধাচৰণ ৰাভাই কয়- কবি, সাহিত্যিক, শিল্পীসকলে গ্ৰাম্যাঞ্চলৰ চহা জীৱনৰ কথা চিন্তা কৰি তেখেত সকলৰ সৃষ্টিৰাজিত মনোনিবেশ কৰিব লাগে। সভাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডেনিশ ৰাভা, বিশিষ্ট কবি-চিত্ৰশিল্পী ৰতন কুমাৰ ৰায় হাজং, খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ডা: প্ৰশান্ত ৰাভা, কন্ঠশিল্পী লীলাধৰ ৰাভা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিৎ মহন্ত, কবি কৌশিক কলিতা প্ৰভৃতিয়ে অংশ লয়।
বিভিন্ন জনে গীত, কবিতা পৰিবেশন কৰি অনুষ্ঠান ভাগি সোণত সুৱগা কৰি তোলে।