বিধানসভাৰ মজিয়াত উচ্ছৃংখল আচৰণ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰত এবছৰৰ বাবে নিলম্বিত কৰা ১২ জন বিজেপি বিধায়কে অৱশেষত সকাহ লাভ কৰিছে উচ্চতম ন্যায়ালয়ত ৷ এই বিধায়ক কেইজনক এবছৰৰ বাবে নিলম্বন কৰিবলৈ মহাৰাষ্ট্ৰ বিধানসভাই দিয়া নির্দেশনা খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে বিধায়কসকলক নিলম্বন কৰাটো অসাংবিধানিক আৰু অবৈধ বুলি অভিহিত কৰিছে ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে অধ্যক্ষৰ কক্ষত প্ৰিজাইডিং বিষয়া ভাস্কৰ যাদৱৰ সৈতে “দুৰ্ব্যৱহাৰ” কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তেওঁলোকক যোৱা বছৰৰ ৫ জুলাইত বিধানসভাৰ পৰা নিলম্বিত কৰা হৈছিল।নিলম্বিত ১২ জন বিধায়ক হৈছে সঞ্জয় কুটে, আশীষ শ্বেলাৰ, অভিমন্যু পাৱাৰ, গিৰীশ মহাজন, অতুল ভাটখালকাৰ, পৰাগ আলাৱনী, হৰিশ পিম্পাল, যোগেশ সাগৰ, জয় কুমাৰ ৰাৱট, নাৰায়ণ কুচে, ৰাম ছতপুতে আৰু বাণ্টি ভাংদিয়া। বিধায়কসকলক নিলম্বন কৰাৰ প্ৰস্তাৱ ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিল পাৰাবে উত্থাপন কৰিছিল আৰু ধ্বনি ভোটৰ দ্বাৰা গৃহীত কৰা হৈছিল।বিৰোধী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাভিছে এয়া “একপক্ষীয়” বুলি অভিযোগ কৰিছিল ৷