কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনী ড০ সৌন্দৰ্য ভি ওৱাইৰ মৃতদেহ শুকুৰবাৰে পুৱা তেওঁৰ বেংগালুৰুৰ এপাৰ্টমেণ্টত উদ্ধাৰ কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ডাঃ সৌন্দৰ্য ভি ওৱাই আত্মহত্যা কৰিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি ৩০ বছৰীয়া সৌন্দৰ্য ৰ শোৱনি কোঠাৰ দুৱাৰ পুৱা ১০ বজা পর্যন্ত খুলি নিদিয়াত ঘৰুৱা সহায়কে তেওঁৰ স্বামী নীৰজক খবৰ দিয়ে ৷ কর্তব্যলৈ যোৱা নীৰজে তাৎক্ষণিকভাৱে বাসগৃহত উপস্থিত হৈ শোৱনি কোঠাৰ দর্জা বাহিৰৰ পৰা ভাঙি দিয়াত সৌন্দৰ্য ভি ওৱাইৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ অৱশ্যে মৃতদেহৰ ওচৰত আৰক্ষীয়ে লাভ কৰা নাই কোনো চুইচাইড নোট ৷স্বামীৰ সৈতে চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰা সৌন্দৰ্য ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এটি ছয় মহীয়া শিশুও আছে ৷
এই ঘটনাৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য কৰ্মকৰ্তাসকল য়েদিয়ুৰাপ্পাৰ বাসগৃহত উপস্থিত হৈ তেওঁক সান্তনা প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে আন নেতা সকলেও য়েদিয়ুৰাপ্পাক ফোন কৰি সমবেদনা জ্ঞাপন কৰে।