বিশ্ব সম্প্ৰদায়ে নিৰন্তৰ চকু ৰখাৰ সময়তে এটাৰ পাছত আন এটা শক্তিশালী মিছাইলৰ পৰীক্ষা সম্পন্ন কৰি আহিছে উত্তৰ কোৰিয়াই ৷ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ মিছাইলৰ পৰীক্ষা সম্পন্ন কৰি আহিছে একনায়কত্ববাদী শাসক কিম জং উনে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ দেশখনে কৰা আন এক মিছাইলৰ পৰীক্ষণে সমগ্ৰ বিশ্বতে খলকনি তুলিছে ৷ দেওবাৰে উত্তৰ কোৰিয়াই পৰীক্ষণ সম্পন্ন কৰা মিছাইলটোৰ আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূখণ্ডত আঘাত কৰাৰ ক্ষমতা ৷ উত্তৰ কোৰিয়াই সোমবাৰে নিশ্চিত কৰিছে যে এই মিছাইলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুয়াম অঞ্চলত আঘাত কৰিব পাৰিব ৷ শেহতীয়াকৈ দেশখনে কৰা এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰ উৎক্ষেপণ ৷
চৰকাৰী কোৰিয়ান কেন্দ্ৰীয় নিউজ এজেঞ্চীয়ে প্ৰকাশ কৰা অনুসৰি সামৰিক বাহিনীত অন্তর্ভুক্ত কৰা হোৱাচং-১২ মিছাইলৰ সামগ্ৰিক শক্তি পৰীক্ষা কৰাই এই উৎক্ষেপনৰ উদ্দেশ্য ৷ দক্ষিণ কোৰিয়া আৰু জাপানৰ তথ্য অনুসৰি, মিছাইলটোৱে প্ৰায় ৮০০ কিলোমিটাৰ (৪৯৭ মাইল) উৰা মাৰিছিল আৰু সৰ্বাধিক ২,০০০ কিলোমিটাৰ (১,২৪২ মাইল) উচ্চতাৰে কোৰিয়া উপদ্বীপ আৰু জাপানৰ মাজৰ জলপৃষ্ঠত অৱতৰণ কৰিছে ৷ ২০১৭ চনৰ পাছত এইটো হৈছে উত্তৰ কোৰিয়াই পৰীক্ষা কৰা আটাইতকৈ শক্তিশালী মিছাইল ৷হোৱাচং-১২ মিছাইলৰ সৰ্বাধিক পৰিসৰ হৈছে ৪,৫০০ কিলোমিটাৰ (২,৮০০ মাইল) ৷২০১৭চনত, উত্তৰ কোৰিয়াই হোৱাচং-১৪ আৰু হোৱাচং-১৫ নামৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলৰ পৰীক্ষা কৰিছিল ৷