পাৰ্চনেলাইজড এডাপটিভ লাৰ্ণিং চমুকৈ ‘পাল প্ৰজেক্ট’ ৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ বিকাশৰ কাৰণে এক নিৰন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ছাত্ৰ-ছাত্ৰীৰ প্ৰগতি আৰু ব্যৱহাৰৰ মূল্যায়ন প্ৰক্ৰিয়াৰ আধাৰ তৈয়াৰ কৰিছে। যাৰ পৰিণামস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা আৰু শিক্ষাৰ মান উন্নত হয়। এটি ব্যতিক্ৰমী শিক্ষণ পদ্ধতি “সমগ্র শিক্ষা অসম”ৰ অধীনত আৰু “এম্বাইব” ( ইনডিভিজুয়েল লাৰ্ণিং লিমিটেড) ৰ সহযোগত যোৱা জুলাই ২০২১ ৰ পৰা অসমৰ ২০০ খন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰত শুভাৰম্ভ কৰা হৈছিল। পাল প্ৰজেক্টৰ মূল উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰু গণিত বিষয়ৰ মান উন্নত কৰা।ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সংস্থাৰ তৰফৰ পৰা ভাল প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰী সকলক মান পত্ৰ আৰু একোটা উপহাৰৰ সৈতে সন্মানিত কৰাৰ দিহা কৰা হৈছিল।
যোৱা ২৯ জানুৱাৰীত দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ ছয়গাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্যাণী মহন্তৰ লগতে কেইবাগৰাকীও শিক্ষক- শিক্ষয়িত্ৰীৰ উপস্থিতিত পুৰস্কাৰপ্ৰাপ্ত বিদ্যাৰ্থী সকলক মানপ্ৰত্ৰ আৰু পুৰস্কাৰসমূহ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয় আৰু ঘৰত পাল প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ অধ্যক্ষা মহন্তই কয় । ইয়াৰ সুবিধাবোৰ গ্ৰহণ কৰি শিক্ষা আহৰণৰ ক্ষেত্ৰত ফলপ্ৰসূতা লাভ কৰিবৰ বাবে উৎসাহিত কৰে।