তেলেংগানাত দেওবাৰে সংঘটিত হয় এক শোকাৱহ পথ দূর্ঘটনা ৷ এজন ১৬ বছৰীয়া কিশোৰে পদপথত বহি থকা একাংশ শ্ৰমিকক চাৰিচকীয়া বাহনেৰে মহতিয়াই নিয়াৰ ফলত চাৰিগৰাকী মহিলাৰ মৃত্যু হয় ৷ দূর্ঘটনাটোত প্ৰাণ হেৰুওৱা মহিলাকেইগৰাকী হৈছে ফৰিয়াদ, সুনীতা, লতা আৰু জ্যোতি বুলি চিনাক্ত কৰা হৈছে ৷ এই দুর্ঘটনাত আহত হৈছে আন তিনিজন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি কৰিমনগৰ আৰক্ষীয়ে ১৬ বছৰীয়া কিশোৰজনৰ লগতে তেওঁৰ দেউতাকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪(২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ কৰিমনগৰ আৰক্ষী আয়ুক্ত ভি সত্যনাৰায়ণে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত কিশোৰজন চহৰখনৰ গায়ত্ৰীনগৰ অঞ্চলৰ বাসিন্দা।
উল্লেখ্য যে পুৱা কিশোৰজনে বেডমিণ্টন খেলিবলৈ স্থানীয় আম্বেদকাৰ ষ্টেডিয়ামলৈ যোৱাৰ অজুহাতেৰে ঘৰৰ পৰা গাড়ীখন উলিয়াই আনিছিল ৷ কিন্তু তেওঁ আম্বেদকাৰ ষ্টেডিয়ামলৈ যোৱাৰ পৰিৱর্তে আন দুজন বন্ধুৰ সৈতে নামনি মানাইৰ জলাশয়ৰ ফালে যায় ৷ কিন্তু গৈ থকাৰ সময়তে কিশোৰজনৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পদপথত বহি থকা লোকসকলক মহতিয়াই লৈ যায় ৷