বহু প্ৰতীক্ষাৰ অন্তত বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে আজি সংসদৰ মজিয়াত দাখিল কৰিলে বাজেট ৷ এই বাজেটত আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰত্ব প্ৰদান কৰাৰ লগতে ডিজিটেল সম্পদৰ স্থানান্তৰ বা বিক্ৰীৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছে ৷ আয়কৰ অপৰিৱর্তিত ৰাখাটো এইবাৰ বাজেটৰ অন্যতম বিশেষত্ব ৷ অজি দাখিল কৰা বাজেটৰ ১০ টা গুৰুত্বপূর্ণ দিশ এনেধৰণৰ-
- চৰকাৰৰ মুঠ ব্যয় ৪.৮ শতাংশ বৃদ্ধি কৰি ৩৯.৫ লাখ কোটি কৰা হৈছে।
- ক্ৰিপ্ট’ কাৰেন্সীৰ দৰে ভাৰ্চুৱেল আৰু ডিজিটেল সম্পদৰ বিক্ৰী বা অধিগ্ৰহণৰ পৰা উপাৰ্জনৰ ওপৰত ৩০ শতাংশ কৰ প্ৰযোজ্য হ’ব।
- কৰদাতাসকলে ছিংগল উইণ্ডৰ জৰিয়তে দুবছৰৰ ভিতৰত আয়কৰ দাখিল কৰিব পাৰে। আয়কৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
- দীৰ্ঘম্যাদী মূলধন লাভৰ ওপৰত শুল্ক ১৫ শতাংশতে সীমাবদ্ধ কৰা হৈছে।
- গতি শক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে মানুহ আৰু সামগ্ৰীৰ দ্ৰুত চলাচলৰ সুবিধাৰ বাবে এক্সপ্ৰেছৱে ৷
- ২০২২-২৩ বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ডিজিটেল টকা প্ৰৱৰ্তন কৰিব।
- অহা বিত্তীয় বৰ্ষৰ ভিতৰত দেশত ৫জি মোবাইল সেৱা আৰম্ভ কৰা হ’ব।
- জনসাধাৰণৰ অধিক সুবিধাৰ বাবে অহা বছৰৰ পৰা এম্বেডেড চিপৰ সৈতে ই-পাছপোৰ্ট মুকলি কৰা হ’ব। বৈদ্যুতিক বাহন খণ্ডৰ বিকাশৰ বাবে বেটাৰী সলনি কৰিব পৰা পদ্ধতি আৰম্ভ কৰা হ’ব।
- চলিত বৰ্ষত জিডিপি ৯.২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷
- মহামাৰীৰ জৰিয়তে অধিক ব্যয়ে ভাৰতক চলিত বিত্তীয় বৰ্ষত ইয়াৰ বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতিৰ শক্তি হিচাপে প্ৰতিষ্ঠিত কৰিছে ৷ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি সম্পদ সৃষ্টিৰ বাবে ধন ব্যয় কৰাৰ বাবে চৰকাৰৰ বিত্তীয় স্থিতি সৱল ৷