কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণৰ বাজেটে অসম তথা উত্তৰ পূর্বাঞ্চললৈ আনিছে সুখবৰ ৷ যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ জীৱিকা উন্নয়নৰ লক্ষ্যৰে বাজেটত বিশেষ ঘোষণা কৰিছে বিত্ত মন্ত্ৰীয়ে ৷ অসমসহ উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নমূলক পদক্ষেপৰ বাবে ১৫০০ কোটি আৱণ্টন দিয়া হৈছে ৷ বাজেট ভাষণত তেওঁ কয় “উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপসমূহ উত্তৰ-পূব পৰিষদৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব ৷ ইয়াৰ জৰিয়তে যুৱ আৰু মহিলাসকলৰ জীৱিকাৰ বিকাশত সহায় কৰিব ৷ এই আঁচনিখন বৰ্তমানৰ কেন্দ্ৰ বা ৰাজ্যিক আঁচনিৰ বিকল্প নহয়,” ৷