বহু মানুহৰেই মনত জীৱনৰ উচ্চতম শিখৰত উপনীত হোৱাৰ বাবে কেতিয়াবা এটা গোপন বাসনা লুকাই থাকে । শিশু অৱস্থাতেই কৌতুহলী স্বভাৱৰ এক ব্যতিক্ৰমী শিশু কল্পনা চাওলাৰো আছিল জীৱনৰ উচ্চতম শিখৰত উপনীত হোৱাৰ বাসনা ।
১৯৬২ চনত হাৰিয়ানাৰ কাৰ্নাল গাঁৱত কল্পনা চাওলাৰ জন্ম হৈছিল । কল্পনাৰ পিতৃ আছিল বানছাৰিলাল চাওলা আৰু মাতৃ আছিল সংযোগীতা চাওলা । আদিতে পাকিস্তানৰ মুলতান জিলাত বাস কৰা চাওলা পৰিয়ালে দেশ বিভাজনৰ সময়ত জন্মভূমি ত্যাগ কৰি বহু বাধা বিঘিনিৰ মাজেদি কোনোমতে প্ৰাণ বচাই হাৰিয়ানাৰ কৰ্ণালত থাকিবলৈ লৈছিল । নতুন ঠাইখন লৈ আহি সকলো পিনৰ পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল ।
পৰিয়ালৰ ভৰণ পোষণৰ বাবে পিতৃ বানছাৰিলাল চাওলাই চকলেট, বাদাম,খেজুৰ, চাবোন,তেল আদি বাটে-পথে বিক্ৰী কৰিছিল । সময়ৰ লগে লগে বানছাৰিলালৰ ভাগ্য কিছু পৰিমাণে সুপ্ৰসন্ন হ’বলৈ আৰম্ভ কৰে । এটি ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগৰ জৰিয়তে উদ্যোগ আৰু কাৰিকৰী দিশত যথেষ্ট উন্নতি সাধন কৰিব সক্ষম হয় । ইয়াৰপিছত টায়াৰ কোম্পানী খুলি প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে । সমগ্ৰ বিশ্বতে আজি বানছাৰিলাল উদ্যোগৰ শাখা প্ৰশাখা বাঢ়ি গৈ এক লেখত ল’বলগীয়া উদ্যোগ হিচাপে প্ৰতিষ্ঠিত হৈছে । কল্পনাৰ মাতৃ সংযোগীতা আছিল এগৰাকী শিক্ষিত মহিলা ।
হাৰিয়ানা এনে এখন ঠাই য’ত ছোৱালী জন্ম হ’লেই পৰিয়ালত অশান্তিৰ অন্ত নাই । কিন্তু কল্পনাৰ মাক সংযোগীতাই সকলোধৰণৰ সমস্যা হেলাৰঙে অতিক্ৰম কৰি তেওঁৰ তিনিগৰাকী জীয়েকক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজৰ একো একো গৰাকী বিশেষ ব্যক্তি হিচাপে গঢ় দিছিল । এই তিনি গৰাকী জীয়ৰীৰ ভিতৰত কল্পনা শৈশৱৰ পৰাই আছিল ব্যতিক্ৰমী । অৰ্থাৎ অনাড়ম্বৰ, কষ্ট সহিষ্ণু আৰু স্বাধীনচিতিয়া। কল্পনাই সৰুৰেপৰাই দিনে ৰাতিয়ে আকাশখন চাই চাই কল্পনাৰ ৰাজ্যত যেন উটি ভাহি ফুৰিছিল । চিকমিকাই থকা তাৰকা খচিত নীলিম আকাশখনলৈ তধা লাগি চাই নিজকে নিজে প্ৰশ্ন কৰিছিল – ” এয়া কেনেকৈ সম্ভৱ শূণ্যত কেনেকৈ উলমি আছে তৰা নক্ষত্ৰবোৰ ?” কৈশোৰ অৱস্থাতে কল্পনা আকৰ্ষিত হৈছিল উৰা জাহাজৰ প্ৰতি ।
সেয়েহে কৰ্নালত থকা ‘উৰণ সংঘ’টো লৈ দেউতাকৰ লগত গৈ সৰু পুষ্পক বিমানখনত উঠি হেঁপাহ পুৰণ কৰিছিল । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ কি বাৰ বছৰ । সেইদিনাই যেন কল্পনাৰ দু: সাহসিক জীৱনৰ আৰম্ভনি । কল্পনা আছিল পৰীভ্ৰমী আৰু এগৰাকী সুদক্ষ খেলুৱৈ । অৱশ্যে তেওঁৰ মনটো আছিল বিজ্ঞানৰ বিস্ময়কৰ অৱদানৰ প্ৰতিহে । স্কুলীয়া জীৱনতে কল্পনাই লগৰীয়া কেইজনমানৰ সৈতে লগ লাগি প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল । য’ত ক’লা কাপোৰেৰে আকাশ সাজি তাত অলেখ সৰু ডাঙৰ গ্ৰহ নক্ষত্ৰেৰে ভৰাই দিছিল । দৰ্শকে প্ৰদৰ্শনী খন চাই অভিভূত হৈ তেওঁৰ সৃষ্টিশীল মনৰ ভূয়সী প্ৰশংসা কৰিছিল । ‘ভাইকিং’ মহাকাশ যানখন মংগল গ্ৰহত অৱতাৰণা কৰাৰ ফটো এখন আলোচনীত দেখি সেইদিনাই তেওঁ মনতে একপ্ৰকাৰ স্থিৰ কৰি পেলাইছিল যে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ তেওঁ এগৰাকী মহাকাশচাৰী হ’ব । কল্পনাই যিদৰে মনত পাঙিছিল সেইদৰেই আগবাঢ়ি গৈছিল ।
১৯৭৬ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈছিল । কলেজত পঢ়ি থাকোঁতে শ্ৰেণীত এদিন অংকৰ শিক্ষয়িত্ৰী স্বৰ্ণ অৰোৰাই কৈছিল যে ভাৰতবৰ্ষত বৰ্তমানলৈকে কোনো মহিলা মহাকাশচাৰী ওলোৱা নাই । লগে লগে সকলোকে আচৰিত কৰি কল্পনাই উত্তৰ দিলে, ” মেডাম ময়ে কিজানি এটা সময়ত ভাৰতবৰ্ষৰ প্ৰথম মহিলা মহাকাশচাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিম ।” কল্পনা ৰ প্ৰৱল মানসিক বল আৰু ইচ্ছা শক্তিয়ে তেওঁ নিজে নিজৰ ওপৰত কৰা ভবিষ্যতবাণী সফল হোৱাত সহায় কৰিছিল । দূৰদৰ্শী কল্পনাই সপোন সাকাৰ কৰাৰ উদ্দেশ্যে প্ৰি- ইউনিভাৰ্ছিটি ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতে ‘দয়াল সিং ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে । ইয়াৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কল্পনাই এৰোনেটিক ইঞ্জিনিয়াৰিং’ পঢ়িবলৈ মন মেলিলে । তেওঁলোকৰ সাতজনীয়া ছাত্ৰীৰ দলটোৰ মাজৰ পৰাই কেৱল কল্পনাইহে এই বিষয়ত অধ্যয়ণ কৰিবলৈ সক্ষম হৈছিল ।
ইয়াৰ পিছত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ বাবে কল্পনা টেস্কাছ বিশ্ববিদ্যালয়লৈ যায় আৰু তাত মহাকাশ বিজ্ঞানৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা মহাকাশৰ ওপৰতে ডক্টৰেট ডিগ্ৰী লয় । ১৯৯৪ চনত নাছাৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হয় ভাৰতৰ সুযোগ্য সন্তান কল্পনা । ১৯৯৩ চনত কেলিফ’ৰ্ণিয়াৰ ‘ লছ এটলছ’ নামৰ অনুষ্ঠানৰ উপ-সভাপতি হয় আৰু গৱেষণা বিশেষজ্ঞ হিচাপে আন আন বিজ্ঞানী সকলৰ এটা গোট হিচাপে মহাকাশ যানৰ সমস্যাৰাজী ওপৰত খৰছী মাৰী আলোচনা কৰে । ভাৰতবৰ্ষৰ প্ৰথম মহিলা মহাকাশচাৰী হিচাপে কল্পনাই ৰচনা কৰে এক ইতিহাস।
২০০৩ চনৰ আজিৰ দিনটোতেই আমি মহাকাশযানৰ দূৰ্ঘটনাৰ বাবে অকালতে হেৰুৱাব লগীয়া হয় পৃথিৱী বিখ্যাত এইগৰাকী বিদূষী মহিলাক। আজি সেইগৰাকী বিদূষী নাৰীৰ মৃত্যু দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো ।