চালগোম মূলা জাতীয় পাচলি । অসমৰ চৰ-চাপৰিত উৎপন্ন হোৱা চালগোম শীতকালৰ বজাৰত উপলদ্ধ এবিধ পাচলি।
চালগোমৰ সোৱাদ প্ৰায় মূলাৰ দৰে ; সেয়েহে বহুতে ইয়াক গোলমূলা বুলিও কয়। চালগোম সাধাৰণতে ভাত-ৰুটিৰ সৈতে তৰকাৰী হিচাপে খোৱা হয়।
অসমীয়া লোক সমাজে মাছৰ সৈতে চালগোম তৰকাৰী বনাই খায়। পুষ্টি গুণ সম্পন্ন চালগোমে বলবৰ্ধক , দৃষ্টিশক্তিবৰ্ধক , কোষ্ঠকাঠিন্ন দূৰীকৰণ , বৃক্ক সবলকৰণ আদিত বিশেষ ভূমিকা গ্ৰহণ কৰে। শিশুৰ পৰা বৃদ্ধ লোকৰ স্বাস্থ্যৰক্ষাত চালগোমে অতি ভাল কাম কৰে।
বিশেষকৈ চুপ বা জোল খোৱালে বেছি কাম দিয়ে। চালগোমৰ পাত বিলাক শাক হিচাপে তৰকাৰী বনাই খাব পাৰি।ইয়াত প্ৰচুৰ পৰিমানে ভিটামিন এ আৰু কেলছিয়াম থাকে।
চালগোমত প্ৰ’টিন , চৰ্বি , শৰ্কৰা , কেলছিয়াম , ফছফৰাছ , আইৰণ , ভিটামিন বি আৰু ভিটামিন চি থাকে।
নানা পুষ্টিগুণেৰে ভৰপূৰ বতৰৰ চালগোম আমাৰ বাবে বহুত উপকাৰী পাচলি।