দেশবাসীৰ বাবে এক সু-খবৰ ৷কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদত নতুন বাজেট দাখিল কৰাৰ মাত্ৰ এদিনৰ পিছতেই আজি হ্ৰাস পালে সোণৰ মূল্য ৷জানিবপৰা মতে সামান্য হ্ৰাস পালে ৰূপৰ মূল্যও ৷ সোণৰ মূল্য হ্ৰাস পালে প্ৰতি দহ গ্ৰামত ৪৭,৭৯২টকালৈ ৷ আনহাতে ৰূপৰ দাম হ্ৰাস পাই প্ৰতি কিল’গ্ৰামত হ’লগৈ ৬১,৩৫১টকা ৷
তথ্য অনুসৰি ২০২১ বৰ্ষৰ তুলনাত ২০২২বৰ্ষত প্ৰায় ৮৪০০টকা হ্ৰাস পালে সোণৰ দাম ৷ ২০২০বৰ্ষত ১০গ্ৰাম সোণৰ মূল্য সৰ্বাধিক ৫৬,২০০টকালৈ বৃদ্ধি পাইছিল ৷ আনহাতে বৰ্তমান সময়ত প্ৰতি দহ গ্ৰামত ইয়াৰ মূল্য ৪৭,৭৯২টকালৈ অৱনমিত হোৱাৰ বাবেই গ্ৰাহকে এই বৰ্ষত প্ৰায় ৮৪০০টকাৰ এক বিৰাট ব্যৱধানত সোণ ক্ৰয় কৰিবলৈ সক্ষম হ’ব ৷