চীনা সৈন্যই অপহৰণ কৰি নিয়া অৰুণাচলৰ কিশোৰজনক নিজৰ জিম্মাত ৰখাৰ সময়ত চলাইছিল অকথ্য নির্যাতন ৷ অৰুণাচল প্ৰদেশৰ ১৭ বছৰীয়া কিশোৰ মিৰাম টাৰনৰ হাত ভৰি বান্ধি ৰখাৰ লগতে বৈদ্যুতিক শ্ব’ক দিছিল চীনা সেনাই ৷ ইণ্ডিয়া টুডেৰ এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে কিশোৰজনে ৷ চীনৰ পিপল’ছ লিবাৰেচন আর্মী (পি এল এ)য়ে ৯ দিন নিজৰ জিম্মাত ৰাখিছিল কিশোৰজনক ৷ যোৱা ২৭ জানুৱাৰীত পি এল এ তেওঁক মুকলি কৰি দিছিল ৷ সাক্ষাৎকাৰটোত তেওঁ কয় “তেওঁলোকে মোৰ দুয়োখন হাত বান্ধিছিল আৰু মোক ঘন জংঘলৰ মাজলৈ লৈ গৈছিল। প্ৰথম দিনাই তেওঁলোকে মোক অকথ্য অত্যাচাৰ কৰিছিল ৷ মোক বৈদ্যুতিক শ্বক দিছিল ৷ ,” অৱশ্যে তেওঁলোকে দ্বিতীয় দিনাৰ পৰা কোনোধৰনৰ অত্যাচাৰ কৰা নাছিল বুলিও সদৰী কৰে মিৰামে ৷ উল্লেখ্য যে তেওঁ ১৮ জানুৱাৰীত নিৰুদ্দেশ হৈছিল ৷ তেওঁক পিএলএ-য়ে ভাৰত-চীন সীমান্তৰ পৰা অপহৰণ কৰি নিছিল ৷
টাৰনে প্ৰকাশ কৰা অনুসৰি তেওঁ বন্ধুবৰ্গৰ সৈতে চিকাৰ কৰিবলৈ যোৱাৰ সময়তে চীনা পিএলএয়ে আটক কৰিছিল ৷ প্ৰথমতে ভাৰতীয় বাহিনী নে চীনা সেনাই তেওঁক আটক কৰিছিল সেয়া ধৰিব পৰা নাছিল বুলি উল্লেখ কৰি মিৰামে কয় – “মোক বন্দী কৰি বান্ধি ৰখা হৈছিল। পিছত মোক হেণ্ডকাফ পিন্ধোৱা হৈছিল আৰু মোৰ মুৰটো কাপোৰেৰে ঢাকি দিয়া হৈছিল। তাৰ পিছত মোক চীনা সেনাৰ শিবিৰলৈ লৈ যোৱা হৈছিল ৷ মোক মাৰপিট কৰা হৈছিল। কিন্তু মোক খাদ্য আৰু পানী দিয়া হৈছিল।“