” বন্দো দেৱ গণপতি ভৱানী নন্দন।
সৰ্বসিদ্ধি কলেৱৰ গজেন্দ্ৰ বদন।।
বিধিৰ লিখন কদাপিও নহয় খণ্ডন।
শনিৰ দৃষ্টিত ভৈলা মুণ্ডৰ পতন।।”
শ্ৰী শ্ৰী গণেশ বাবা জ্ঞান -বুদ্ধি আৰু বিঘ্ননাশৰ অধিষ্ঠিত দেৱতা বুলি সৰ্বজন বিদিত। যাত্ৰা সিদ্ধি , মংগল সিদ্ধিৰ দেৱতা গণেশৰ জন্মৰ বিষয়ে পুৰাণ সমূহত একাধিক আখ্যান পৰিলক্ষিত হয় যদিও সকলোবোৰ আখ্যানৰ মাজত সাদৃশ্য আছে।গণেশ হৰ-গৌৰীৰ পুত্ৰ ৰূপে জগত বিখ্যাত যদিও পাৰ্বতীৰ মানসপুত্ৰহে।
স্কন্দ পুৰাণ মতে – পাৰ্বতীয়ে নিজৰ গাৰ মলৰ পৰা এটি শিশুৰ পুত্তলিকা নিৰ্মাণ কৰি তাত প্ৰাণ সঞ্চাৰ কৰিলে। পিছত সেই শিশুটিক পুত্ৰৰূপে গ্ৰহণ কৰি গণেশ নাম দি নিজৰ স্নানাগাৰৰ দুৱৰী হিচাপে নিযুক্ত কৰাৰ পাছত শিৱৰ হাতত গণেশৰ মুণ্ডচ্ছেদন হয়।দেৱী পাৰ্বতীৰ ভয়ত শিৱই গজৰ মুণ্ড ছেদন কৰি গণেশৰ দেহত সংযোগ কৰে আৰু গণেশক পুনৰ্জীৱন দান দি সকলো দেৱতাৰ আগত পূজিত হ’বলৈ বৰ প্ৰদান কৰে।
বামন পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ মতে –
পাৰ্বতীয়ে সখীসকলৰ সৈতে স্নান কৰি থাকোঁতে শিৱৰ আগমনত লাজ পাই স্নানাগাৰৰ বোকা মাটিৰে এটি শিশু তৈয়াৰ কৰি তাত প্ৰাণ সঞ্চাৰ কৰি পুত্ৰৰ জন্ম দিয়ে। সেই পুত্ৰৰ নাম গণেশ ৰাখি স্নানাগাৰৰ দুৱৰী কৰি ৰাখে। গণেশে মাকৰ আজ্ঞামতে শিৱক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বাধা দিয়াত দুয়োজনৰ মাজত যুদ্ধ লাগে আৰু পিতৃ শিৱৰ হাতত গণেশৰ মুণ্ড ছেদন হয়। দেৱীৰ ক্ৰোধত পৃথিৱী ধ্বংস হোৱাৰ ভয়ত শিৱ-ব্ৰহ্মা -বিষ্ণুসহ সকলো দেৱতা মিলিত হৈ বিষ্ণুৰ আদেশত উত্তৰ দিশে শিৰ থৈ শয়ন কৰি থকা গজৰ মূৰ কাটি আনি গণেশৰ দেহত সংযোগ কৰি পুনৰ জীৱিত কৰি তোলে । ব্ৰহ্মা-বিষ্ণু -শিৱই গণেশক বৰ প্ৰদান কৰি সকলো দেৱতাৰ পূজাৰ আগত গণেশক পূজিত কৰে।
শিৱ পুৰাণৰ আখ্যান মতে , পাৰ্বতীয়ে পুত্ৰ সন্তান বিচাৰি শিৱক বাৰে বাৰে কাকূতি কৰাত শিৱই ৰঙা কাপোৰ এখনেৰে সুন্দৰ পুত্ৰ তৈয়াৰ কৰি হাঁহি হাঁহি পাৰ্বতীৰ কোলাত থৈ ক’লে “হে দেৱী , লোৱা তোমাৰ পুত্ৰ। এতিয়া এই পুত্ৰৰ মুখ দৰ্শন কৰি হেঁপাহ পলুৱাই চুম্বন কৰা।” শিৱৰ কাণ্ড দেখি পাৰ্বতীয়ে ক্ৰোধৰ দৃষ্টিৰে তেওঁৰ মুখলৈ চাই ক’লে তুমি কাপোৰৰ পুতলা মোৰ কোলাত প্ৰদান কৰি ইতিকিং কৰিলা। খঙতে দেৱীয়ে পুতলাটো দলিয়াই দিলে। পাৰ্বতী শোকত কাতৰ হৈ থকা অৱস্থাতে বিষ্ণুয়ে মাটিৰ পৰা কাপোৰৰ পুতলাটি তুলি লৈ পাৰ্বতীৰ বিচনাত থৈ প্ৰাণ সঞ্চাৰ কৰি তাৰ পৰা অন্তৰ্ধান হল। পাৰ্বতী আনন্দত আত্মহাৰা হৈ পুত্ৰক কোলাত তুলি ল’লে।।অন্তৰ্যামী শিৱই পাৰ্বতীৰ ওচৰলৈ গৈ পুত্ৰক কোলাত তুলি লৈ মৰমেৰে ওপচাই দিলে। কৈলাস ধামত মহোৎসৱৰ আয়োজন কৰি দেৱ-গন্ধৰ্ব , অপেশ্বৰী , ঋষি-মুনি সকলোকে নিমন্ত্ৰণ দিলে। সকলোৰে উপস্থিতিত শিৱই পুত্ৰৰ নাম দিলে গণেশ ।পাৰ্বতীয়ে শনিদেৱৰ অনুপস্থিতি লক্ষ্য কৰি দূত পঠিয়াই শনিদেৱক মাতি আনিলে ।পত্নীৰ অভিশাপৰ ফলত তেওঁ কাৰোপিনে দৃষ্টি ৰাখিব নোৱাৰে সেয়ে শনিয়ে গণেশৰ পিনে পিঠি দি থাকিল। কিন্তু পাৰ্বতীয়ে জোৰ কৰি শনিদেৱক ওচৰলৈ মাতি পুত্ৰৰ মুখ দৰ্শন কৰালে।কৃষ্ণৰ পৰম ভক্ত শনিদেৱে চকু মুদি পৰমেশ্বৰক ধ্যান কৰিএটা চকুৰে কেৰাহিকৈ গণেশৰ মুখলৈ চোৱাৰ লগে লগে গণেশৰ মুণ্ড ছিগি গৈ গোলকধামত কৃষ্ণৰ অংশত বিলীন হ’ল। পাৰ্বতী শোকত ক্ৰোধিতা হোৱাত বিষ্ণুৱে উত্তৰ দিশে মূৰ থৈ শুই থকা ঐৰাৱতৰ শিৰচ্ছেদ কৰি মূৰটো গণেশৰ দেহত সংযোগ কৰি দিলে। ব্ৰহ্মা- বিষ্ণু শিৱ ত্ৰিদেৱ মিলিত হৈ মন্ত্ৰ পাঠ কৰিবলৈ ধৰিলে। মন্ত্ৰ পাঠ কৰি কমণ্ডলুৰ পানী গাত ছটিয়াই দিয়াৰ লগে লগে গণেশ পুনৰ জীৱিত হ’ল। শিৱই গণেশৰ ওচৰলৈ গৈ ক’লে -‘আজিৰ পৰা গণেশ গজানন নামেৰেও পৃথিৱীখ্যাত হব।’ ব্ৰহ্মা-বিষ্ণুৱে মহেশ্বৰৰ কথাত সুৰ মিলাই গণেশক আশীৰ্বাদ জনাই ক’লে – ” আমাৰ দৰে গণেশো ত্ৰিলোকত পূজিত হ’ব। সকলো দেৱতাৰ আগত প্ৰথমে গণেশৰ পূজা কৰিলেহে সেই পূজা ফলপ্ৰসু হ’ব। আই বসুমতী আহি গণেশক নিগনি বাহন হিচাপে উপহাৰ দিলে। মহাদেৱে আশীৰ্বাদ দি ক’লে – “হে পুত্ৰ গণেশ , কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিৰ প্ৰথম প্ৰহৰত আমাৰ গৃহত তোমাৰ আগমন ঘটিছে। সেয়ে পৃথিৱীৰ ত্ৰিলোকত তোমাক চতুৰ্থী তিথিত পূজা কৰিব।যি লোকে ব্ৰত পালন কৰি ভক্তিভাৱে গণেশ চতুৰ্থী তিথিত তোমাক পূজা কৰিব , তাৰ অভিলাষিত ফল প্ৰাপ্তি হ’ব আৰু সৰ্বসিদ্ধি পূৰ্ণ হ’ব।