হিজাব পিন্ধি অহাৰ বাবেই কর্ণাটকত একাংশ ছাত্ৰীক শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে ৷ আনকি কেইবাখনো শিক্ষানুষ্ঠানত শিক্ষার্থীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ কৰ্ণাটকৰ শিক্ষাৰ্থীসকলে শ্ৰেণীলৈ হিজাব পিন্ধাৰ অধিকাৰক লৈ কৰা প্ৰতিবাদ অধিক মহাবিদ্যালয়লৈ বিয়পি পৰিছে।কালি কুণ্ডাপুৰৰ আন এখন মহাবিদ্যালয়ত সংঘটিত হয় এই ঘটনা ৷ হিজাব পিন্ধা ছাত্ৰীসকল ছয় ঘণ্টা ধৰি গেটৰ বাহিৰত থিয় হৈ থাকিবলগীয়া হৈছিল ৷ এই চৰকাৰী মহাবিদ্যালয়খনে দুদিন আগলৈকে শ্ৰেণীত হিজাব পিন্ধাৰ অনুমতি প্ৰদান কৰিছিল ৷ ১৮ ৰ পৰা ২০ বছৰ বয়সৰ শিক্ষাৰ্থীসকলে হিজাব কিয় নিষিদ্ধ কৰিছে সেয়া প্ৰকাশ কৰাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷
ইপিনে, আজি পুৱা হিজাব পৰিধান কৰা ৪০ গৰাকী ছাত্ৰীক কৰ্ণাটকৰ উদুপী জিলাৰ উপকূলীয় চহৰ কুণ্ডাপুৰৰ ভাণ্ডাৰকার্ছ আৰ্টছ এণ্ড চাইন্স ডিগ্ৰী কলেজত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল ৷ শিক্ষানুষ্ঠানখনৰ কতৃপক্ষৰ সিদ্ধান্তৰ বাবে ছাত্ৰীসকলে দ্বিতীয় দিনৰ বাবে শ্ৰেণীকোঠাত উপস্থিত থাকিব পৰা নাছিল ৷
উল্লেখ্য যে কৰ্ণাটকৰ গৃহ মন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় -শিশুসকলে বিদ্যালয়ত হিজাব বা গেৰুৱা সাজপাৰ পৰিধান কৰিব নালাগে ৷ বিদ্যালয় হৈছে এনে এক ঠাই য’ত সকলো ধৰ্মৰ শিশুৱে একেলগে শিক্ষা গ্ৰহণ কৰে ৷ এনে অনুভৱ হ’ব লাগে যাতে আমি বেলেগ নহয় আৰু সকলো ভাৰত মাতৃৰ সন্তান ৷ ইতিমধ্যে শিক্ষানুষ্ঠানসমুহত ছাত্ৰীসকলৰ সৈতে একাংশ ছাত্ৰইয়ো প্ৰতিবাদত অংশ লৈছে ৷
৷