দ্যা কাউন্সিল অৱ ইণ্ডিয়ান স্কুল চার্টিফিকেট (চিআইএছচিই) –এ আজি আই চি এছ ই দশম শ্ৰেণী আৰু আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত আইচিএছই, আইএছচি পৰীক্ষাৰ ফলাফল পৰীক্ষা কৰিব পাৰে ৷ cisce.org, results.cisce.orgৰ জৰিয়তে ফলাফল ঘোষণা কৰা হৈছে ৷
অফিচিয়েল ৱেবছাইটৰ উপৰি শিক্ষাৰ্থীসকলে মোবাইল এছএমএছ সেৱাৰ সহায়ত আইচিএছই দশম শ্ৰেণীৰ ফলাফল আৰু আইএছচি দ্বাদশ শ্ৰেণীৰ ফলাফল লাভ কৰিব পাৰে। বিদ্যালয়সমূহে অধ্যক্ষৰ লগ ইন আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি চি আই এছ চি ইৰ কেৰিয়াৰ পৰ্টেলত লগ ইন কৰি ফলাফল লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰথম ছেমিষ্টাৰ পৰীক্ষাৰ বাবে মাৰ্কশ্বীট লাভ কৰিব । দ্বিতীয় ছেমিষ্টাৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত সামগ্ৰিক মাৰ্কশ্বীট প্ৰদান কৰা হ’ব ৷ পৰিষদে প্ৰাৰ্থীসকলক ফলাফল পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰাৰ ব্যৱস্থা কৰিছে। শিক্ষাৰ্থীসকলে cisce.org জৰিয়তে আবেদন কৰিব পাৰিব। প্ৰতিখন প্ৰশ্নকাকতৰ পুনৰ পৰীক্ষাৰ মাচুল ১০০০ টকা নির্ধাৰণ কৰা হৈছে ৷ অহা ৭ ৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ শিক্ষার্থীসকলে আৱেদন কৰিব পাৰিব ৷