মার্কিন যুক্তৰাষ্ট্ৰ – কানাডা সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত ক’ভিড ভেকচিন বাধ্যতামূলক কৰা আৰু কানাডিয়ান চৰকাৰৰ ক’ভিড নীতি নির্দেশনাক লৈ সৃষ্টি হোৱা প্ৰতিবাদে সমগ্ৰ দেশখনতে সৃষ্টি কৰিছে অচলাৱস্থা ৷ বিশেষকৈ কানাডাৰ ৰাজধানী অট্টাৱাত ট্ৰাকচালক সকলৰ প্ৰতিবাদী কার্যসুচীয়ে লৈছে ভয়ংকৰ ৰূপ ৷ একেৰাহে ১০ দিন ধৰি অব্যাহত থকা প্ৰতিবাদত স্তব্ধ হৈ পৰিছে অট্টাৱাৰ জনজীৱন ৷ প্ৰতিবাদী কার্যসুচীৰ বাবেই অট্টাৱা এৰি সুৰক্ষিত স্থানত আশ্ৰয় ল’বলগীয়া হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী ৷ এই প্ৰতিবাদী কার্যসুচীৰ বাবে অট্টাৱাত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ৷ ট্ৰাকচালক সকলৰ প্ৰতিবাদৰ বাবেই দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰ’ড্যৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি সৃষ্টি হৈছে প্ৰত্যাহ্বান ৷ অট্টাৱাৰ মেয়ৰ জিম ৱাটছনে ফেডাৰেল চৰকাৰক প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ মধ্যস্থতাকাৰী নিয়োগ কৰাৰ লগতে বিগত ১০ দিন ধৰি চলি থকা প্ৰতিবাদী কার্যসুচীৰ অন্ত পেলাবলৈ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ৷
উল্লেখ্য যে ট্ৰাকচালকসকলে চহৰখনৰ ৰাজপথ সমুহত ট্ৰাকসমুহ ৰাখি নিৰন্তৰ হর্ণ বজাই থকাৰ বাবে অতীষ্ঠ হৈ পৰিছে স্থানীয় বাসিন্দাসকল ৷ তদুপৰি ট্ৰাকসমুহৰ ডিজেলৰ ধোঁৱাই চহৰখনক প্ৰদূষিত কৰি তুলিছে ৷ প্ৰতিবাদী কার্যসুচীৰ সংগঠক তামাৰা লিচে সোমবাৰে প্ৰকাশ কৰে যে প্ৰতিবাদীসকলে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক ৷ কিন্তু মহামাৰীৰ বাবে দিয়া সীমাবদ্ধতাসমুহ শিথিল কৰিবই লাগিব বুলিও স্পষ্ট কৰি দিছে ৷ ৰাজধানী চহৰখন অৱৰোধ কৰাত ব্যৱসায়-বাণিজ্য বন্ধ কৰিব লগা হৈছে ৷ যাৰ বাবে অট্টাৱা আৰক্ষীয়ে দেওবাৰে প্ৰতিবাদী সমদলসমূহলৈ ইন্ধন আৰু অন্যান্য সামগ্ৰী অনাত নিষেধাজ্ঞা আৰোপ কৰি প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিবলৈ নতুন ব্যৱস্থা ঘোষণা কৰে।আৰক্ষীয়ে টুইটাৰত কয়, “প্ৰতিবাদীকাৰীসকললৈ সামগ্ৰী অনাৰ চেষ্টা কৰা যিকোনো লোকক গ্ৰেপ্তাৰ কৰা হ’ব ।”বিষয়াসকলে তেতিয়াৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে, একাধিক বাহন জব্দ কৰিছে ৷