নির্বাচনী সভাৰ পৰা আৰম্ভ কৰি সংসদৰ মজিয়ালৈকে বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক আক্ৰমন কৰিআহিছে ৷ ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত সংসদৰ মজিয়াত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত ভাষণ প্ৰদান কৰি পুনৰ কংগ্ৰেছক আক্ৰমনৰ লক্ষ্য কৰি লয় ৷ সোমবাৰে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ব্ৰিটিছৰ “বিভাজন আৰু শাসন” নীতি গ্ৰহণ কৰি দেশ চলোৱাৰ গুৰুতৰ অভিযোগ উথাপন কৰে ৷ । তেওঁ কয় “ব্ৰিটিছ গুচি গ’ল কিন্তু বিভাজন আৰু শাসন নীতি থাকি গ’ল ৷ যাৰ বাবে কংগ্ৰেছ ‘টুকড়ে টুকড়ে’ গেঙৰ নেতা হৈ পৰিছে ৷” জৱাহৰলাল নেহৰুৰ ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ কিতাপখনৰ উদ্ধৃতি দি তেওঁ কয়, “বঙালী, মাৰাঠী, গুজৰাটী, তামিল, অন্ধ্ৰ, ওড়িয়া, অসমীয়া, কান্নাড়া, মালায়ালী, সিন্ধি, পাঞ্জাৱী, হিন্দুস্তানী সকলোৱে কেইবাশ বছৰ ধৰি তেওঁলোকে নিজৰ পৰিচয় প্ৰদান কৰি আহিছে ৷ “মোদীয়ে কংগ্ৰেছৰ এই আচৰণৰ বাবে কেৱল তেওঁৱেই নহয়, সমগ্ৰ দেশ অতিষ্ঠ হৈ পৰিছে বুলি উল্লেখ কৰে ৷ দশকজুৰি কেইবাখনো ৰাজ্যৰ জনসাধাৰণে কংগ্ৰেছক নিৰ্বাচন নকৰাৰ প্ৰসংগ উদাহৰণস্বৰূপে ডাঙি ধৰে মোদীয়ে ৷ তেওঁ কয় “১৯৮৮ চনত নাগালেণ্ডৰ ৰাইজে শেষবাৰৰ বাবে কংগ্ৰেছক ভোট দিছিল। উৰিষ্যাই ১৯৯৫ চনত কংগ্ৰেছক অন্তিমবাৰ ভোট দিছিল ৷১৯৯৪ চনতে গোৱাত এককভাৱে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ৷ গোৱাই তেতিয়াৰ পৰা কংগ্ৰেছক গ্ৰহণ কৰা নাই। ১৯৮৮ চনতে ত্ৰিপুৰাত ৩৪ বছৰ আগতে আপোনালোকে জনাদেশ লাভ কৰিছিল । পশ্চিম বংগত ১৯৭২ চনত শেষবাৰৰ বাবে আপোনাক ভোট দিছিল ৷”
আনকি দৰিদ্ৰ সকলেও কংগ্ৰেছ ত্যাগ কৰিছে বুলি মন্তব্য কৰি মোদীয়ে এইবুলিও কয় যে ১৯৭১ চনৰ পৰা কংগ্ৰেছে “গৰিবি হাটাও” শ্ল’গান দি আহিছে ৷ দেশৰ দৰিদ্ৰসকল ইমানো বিশ্বাসঘাতক নহয় যে তেওঁলোকৰ বাবে কাম কৰা চৰকাৰ এখন দলিয়াই দিব ৷ আপোনালোকৰ বেয়া পৰিস্থিতি আহিছিল কাৰণ আপুনি ভাবিছিল যে আপুনি কেবল শ্লোগান ব্যৱহাৰ কৰিব ৷ কিন্তু তেওঁলোকে সাৰ পাইছে। যাৰ বাবে আপোনালোকক ৪৪ খন আসনত সীমাৱদ্ধ কৰিলে ৷