বীট শীতকালীন পাচলি। অসমত শীত কালত পৰ্যাপ্ত ৰূপত বীট উৎপন্ন হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বীটৰ পৰা চেনি তৈয়াৰ কৰা হয়।
বীট সাধাৰণতে ভাজি নতুবা তৰকাৰী হিচাপে খোৱা হয় । কোমল বীট চালাড হিচাপে ভাত-ৰুটিৰ লগত খোৱা হয়। বীটত প্ৰচুৰ পৰিমানে শৰ্কৰা থাকে। ইয়াৰ বাহিৰেও বীটত প্ৰ’টিন , চৰ্বি , কেলছিয়াম , ফছফৰাছ , আইৰণ তথা ভিটামিন আদিও পোৱা যায়। তৰকাৰী বা চালাড ৰূপে বীট খালে অপুষ্টি দূৰ হোৱাৰ লগতে দৃষ্টি শক্তিও সুন্দৰ হৈ থাকে।
বীটৰ তৰকাৰী পেটৰ ৰোগ , দুৰ্বলতা নাশ আদিত অতি উপকাৰী। মেদবহুলতা কমোৱাত বীটৰ তৰকাৰী আৰু চালাডে ভাল কাম কৰে। ইয়াৰ উপৰিও বীটত আছে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা । আমবাত নিৰাময় , কম ৰূপত প্ৰস্ৰাৱ হোৱা আদি ৰোগ উপশমৰ বাবে বীট উপকাৰী পাচলি।
বীটত শৰ্কৰা , কেলছিয়াম , ফছফৰাছ , আইৰণ , ছ’ডিয়াম , পটাছিয়াম , ছালফাৰ থকাৰ উপৰিও আছে ভিটামিন এ , ভিটামিন বি আৰু ভিটামিন চি ।
বতৰৰ পাচলি বীট সহজতে পোৱা এবিধ পাচলি। প্ৰচুৰ পৰিমানে বীট আমি চালাড হিচাপে নাইবা ভাজি বনাই খাব পাৰোঁ। বীটৰ পৰা আমি বহুত ৰোগৰ উপশম কৰাৰ লগতে গাৰ বৰণ ধুনীয়া কৰিব পাৰোঁ।