কর্ণাটকত শিক্ষাৰ্থীয়ে হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানুষ্ঠানত প্ৰৱেশৰ বিৰোধক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হোৱাৰ সময়তে ৰাজ্যখনৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় পৰৱৰ্তী তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৷ । মুখ্যমন্ত্ৰী বাসবৰাজ এছ বোম্মাই এক টুইটযোগে এই কথা ঘোষণা কৰি কয় যে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইপিনে , আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে উদুপীৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ পাঁচগৰাকী শিক্ষার্থীয়ে এই বিষয়টোক লৈ দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব ৷
ছাত্ৰীয়ে হিজাব পৰিধানক লৈ হোৱা বিতর্ক কর্ণাটকৰ পৰা দেশৰ আন বিভিন্ন ৰাজ্যলৈয়ো বিয়পি পৰা পৰিলক্ষিত হৈছে ৷ কৰ্ণাটকৰ উপৰি মধ্য প্ৰদেশ আৰু পুডুচেৰীতো এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মধ্য প্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে শালীন আৰু আৰু ইউনিফর্ম প্ৰদানৰ সপক্ষে মতপোষণ কৰিছে । পুডুচেৰীৰ আৰিয়াংকুপ্পামৰ এখন চৰকাৰী বিদ্যালয়ৰ মুৰব্বীক শ্ৰেণীত এজন শিক্ষকে হিজাব পৰিধান কৰাত আপত্তি প্ৰদর্শন কৰা সন্দর্ভত তদন্ত কৰিবলৈ নির্দেশ দিছে সংশ্লিষ্ট কতৃপক্ষই ৷ উল্লেখ্য যে যোৱা মাহত কর্ণাটকৰ উদুপীৰ এখন মহাবিদ্যালয়ত হিজাব পৰিধান কৰা শিক্ষার্থীক প্ৰৱেশত বাধা প্ৰদান কৰা হৈছিল ৷ যাক লৈ একাংশ শিক্ষার্থীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷ পৰৱর্তী সময়ত এই প্ৰতিবাদ আন আন শিক্ষানুষ্ঠানলৈ বিয়পি পৰে ৷