এইবাৰ বিহাৰত চলোৱা হ’ব সুৰাপান এৰা মানুহৰ পিয়ল ৷বিহাৰত সুৰা নিষেধ কৰাৰ পিছত কিমানে এৰিলে সুৰাপান তাৰ তথ্য বিচাৰিছে ৰাজ্য চৰকাৰে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শেহতীয়াকৈ সদৰী কৰিছে এই কথা ৷ আনহাতে সুৰাপান ত্যাগ কৰা লোকে বিশেষ চৰকাৰী সুবিধা পোৱাৰো সম্ভাৱনা আছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷
২০১৬চনত এপ্ৰিলত বিহাৰতনিষিদ্ধ কৰা হৈছিল সুৰা ৷ বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী প্ৰশাসনক সুৰা মাফিয়াৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান চলাই যাবলৈ নিৰ্দেশ দিয়ে ৷ তেওঁ কয় যে পূৰ্বৰ পিয়ল অনুসৰি বিহাৰত ১.৬৪ কোটি লোকে সুৰা পৰিত্যাগ কৰাৰ কথা পোহৰলৈ আহিছিল ,কিন্তু এইবাৰ ইয়াৰ প্ৰকৃত সংখ্যা উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷