ৰাজ্যৰ পৰা অব্যাহত আছে বন্যপ্ৰাণীৰ অংগৰ চোৰাংসৰবৰাহ ৷ কালি পুনৰ জব্দ কৰা হৈছে ঢেকীয়াপতীয়া বাঘৰ ছাল-নখ ৷ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন ব্যু’ৰ (ডব্লিউচিচিবি)ৰ তথ্যৰ ভিত্তিত অভিযান চলাই বান্দৰদেৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এটা পেট্ৰ’ল পাম্পৰ পৰা জব্দ কৰা হয় এই সামগ্ৰীসমুহ ৷ ডব্লিউচিচিবি এছআৰঅ’ গুৱাহাটীৰ খবৰ অনুসৰি অসম আৰক্ষী, অৰুণাচল বন বিভাগৰ লখিমপুৰ বিভাগৰ অধীনত ডব্লিউচিচিবি গুৱাহাটী আৰু হাৰমতী ৰেঞ্জৰ দ্বাৰা যৌথ অভিযান চলোৱা হৈছিল । এই অভিযানত ঢেকীয়াপতীয়া বাঘৰ এখন ছাল , ৪টা বাঘৰ দাঁত, ১৮ টা বাঘৰ নখ ,১৪.৪০ কিল’গ্ৰাম হাঁড় জব্দ কৰা হৈছে ৷ অভিযানকাৰী দলটোৱে তিনিজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত লোককেইজন হৈছে অৰুণাচল প্ৰদেশৰ টেপ ইয়োমচা আৰু নাইনাই য়োমচা , অসমৰ প্ৰবীণ দলে ৷ ধৃত লোককেইজনক কৰা প্ৰাথমিক জেৰাত লাভ কৰা তথ্য অনুসৰি বাঘটো পশ্চিম চিয়াং জিলাৰ এজন লোকে গুলীয়াই হত্যা কৰিছিল ৷ অঞ্চলটোত গৰু চিকাৰৰ বাবে অহাৰ সময়তে বাঘটো গুলীয়াই হত্যা কৰা হৈছিল ৷ গোচৰটোৰ তদন্ত অব্যাহত আছে ৷