ঐতিহাসিক বালিসত্ৰ সভা মহোৎসৱ আৰম্ভ হ’ব ১১ ফেব্ৰুৱাৰীৰ পৰা পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে । লোকে-লোকাৰণ্য হৈ পৰিব সত্ৰ সংকৃতিৰ কঠিয়াতলি বালিসত্ৰ । সবাহ মহোৎসৱৰ প্রথম কাৰ্য্যসূচী হাল বোৱা আৰু কলগছ পোতা কাৰ্য্যসূচী সম্পন্ন হয় । স্থানীয় হালুৱৈ প্রতুল কলিতাৰ দ্বাৰা হাল বাই সবাহ মহোৎসৱৰ স্থলী শুদ্ধিকৰণ কৰা হয় ।
তাৰ লগে লগে সবাহ মহোৎসৱত উপবাসী ভক্ত সকলে আৰিয়া প্ৰজ্বলন কৰাৰ সুবিধাৰ্থে কলগছ পোতা শুভাৰম্ভ কৰে সবাহ মহোৎসৱ পৰিচালনা সমিতিৰ কার্য্যকৰী সভাপতি হৰেকৃষ্ণ কুমাৰে । ইয়াৰ পিছত সবাহ মহোৎসৱৰ ধর্মধ্বজা উত্তোলন কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়াই ।
উল্লেখ্য যে, দূৰদুৰণীৰ পৰা অহা লাখ লাখ ভক্তৰ সমাগম ঘটে এই সভা মহোৎসৱত । লোকবিশ্বাস অনুসৰি আৰিয়া প্ৰজ্বলন কৰিলে মনোবাঞ্চা পুৰণ হয় । এই সৱাহ মহোৎসৱ খনত সমুহ ভক্তপ্ৰাণ ৰাইজক সম্পুৰ্ণ ক’ভিড নীতি আদৰিবলৈ সাজু বুলি জনায় সম্পাদক জগদীশ বৰুৱা আৰু জয়ন্ত মাধৱ দাসে ।