অশোক গছ চিৰ’ সেউজীয়া জোপোহা গছ। অশোক গছৰ পাত দীঘল আৰু অলপ বহল। কুমলীয়া পাত প্ৰথমে বগা তাৰ পাছত বেঙুনীয়া বৰণৰ আৰু পূৰঠ হ’লে গাঢ় সেউজীয়া হয়। ফুল থোপা বান্ধি ফুলে।
ইংৰাজী নাম ঃ Ashoka Tree
বৈজ্ঞানিক নাম ঃ Saraca Indica Linn
অশোক গছ বহুতো ঔষধি গুণেৰে ভৰপূৰ । অশোক গছৰ ছাল , ফুল আৰু বীজ ঔষধত ব্যৱহাৰ হয়-
অশোক গছৰ ছাল মহিলাৰ মকৰধ্বজস্বৰূপ বুলি কোৱা হয়। মহিলাৰ প্ৰায়বিলাক ৰোগেই অশোক গছৰ ছালৰ ৰসে প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে। মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া , মাহেকীয়া বেদনা , ৰক্তস্ৰাৱ , বগাস্ৰাৱ আদি ৰোগত অশোক গছৰ ছালৰ ৰস ব্যৱহাৰ কৰি আশানুৰূপ ফল পাব পাৰি। মহিলাৰ গৰ্ভাশয় ৰোগত অশোক গছৰ ছালৰ ৰোগ মহৌষধস্বৰূপ। জৰায়ু স্থানচ্যুত হ’লে অশোক গছৰ বাকলিৰ ৰস খালে উপকাৰ হয়। অশোক গছৰ শুকান ফুল বহুমূত্ৰ ৰোগত ব্যৱহাৰ হয়।
বীজ পিহি ছালত সানিলে ছাল মিহি আৰু সুন্দৰ হয়। বাকলিৰ পৰা নিষ্কাশন কৰা ইথানল পদাৰ্থই এইচ আই ভি প্ৰতিৰোধ কৰিব পাৰে। কেঁচুমূৰীয়াত তেজ ওলালে অশোক গছৰ ছাল খুন্দি তাক ৩/৪ ঘণ্টা পানীত তিয়াই ৰাখি এশ মিলিগ্ৰামকৈ প্ৰতিঘণ্টাত খালে তেজ পৰা বন্ধ হয়। অশোক গছৰ ছালৰ ৰসে তেজ ওলোৱা বন্ধ কৰে আৰু হৃদযন্ত্ৰ শক্তিশালী কৰিব পাৰে।