কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে টার্ম-২ পৰীক্ষা অহা ২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব । নির্ধাৰিত পৰীক্ষা কেন্দ্ৰসমূহত এই পৰীক্ষা অফলাইন মাধ্যমত অনুষ্ঠিত হ’ব। cbse.gov.in ৱেবছাইটৰ জৰিয়তে ব’ৰ্ডে শীঘ্ৰেই পৰীক্ষাৰ বিতং সময়সূচী প্ৰকাশ কৰিব ৷ ইয়াৰ পূর্বে চি বিএছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে টার্ম -২ৰ আর্হি প্ৰশ্নকাকত প্ৰকাশ কৰিছিল। ইফালে, পৰিষদে এতিয়াও দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ টার্ম-১ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা নাই ৷ অৱশ্যে শীঘ্ৰে ঘোষণা কৰা হ’ব ফলাফল ৷ শিক্ষাৰ্থীসকলে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট – cbse.gov.in আৰু cbseresults.nic.in স্ক’ৰকাৰ্ড লাভ কৰিব ৷