দ্বিতীয়তো কার্যকালৰ বাবে টাটা ছনছৰ অধ্যক্ষ হ’ব এন চন্দ্ৰশেখৰন ৷ টাটা ট্ৰাষ্টৰ ব’র্ড আৰু অধ্যক্ষ ৰতন টাটাৰ অনুমোদন মর্মে টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক দ্বিতীয়টো কাৰ্যকালৰ বাবে নিযুক্তি দিয়াৰ বাবে সাজু হৈছে। আজি বোম্বে হাউচত এই সিদ্ধান্তত অনুমোদন জনোৱাৰ বাবে এখন ব’ৰ্ড মিটিং অনুষ্ঠিত কৰা হ’ব ৷ ৰাতন টাটাও এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে ২০১৬ চনৰ অক্টোবৰত তেওঁ টাটা ছনছ বোৰ্ডত যোগদান কৰিছিল ৷ ২০১৭ বর্ষৰ জানুৱাৰীত অধ্যক্ষ হিচাপে চন্দ্ৰশেখৰণক মনোনীত কৰা হৈছিল ৷ একেটা বর্ষৰ ফেব্ৰুৱাৰীত তেওঁ আনুষ্ঠানিকভৱে টাটা ছনছৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে । তেওঁ টাটা ষ্টীল, টাটা মটৰ্ছ, টাটা পাৱাৰ আৰু টিচিএছৰ দৰে প্ৰতিষ্ঠানৰ ব’ৰ্ডৰো অধ্যক্ষতা কৰিছিল ৷ চন্দ্ৰশেখৰণৰ বিগত সময়ছোৱাৰ কর্মদক্ষতাৰ বাবে পুনৰ নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷